আমগুৰি, 27 ছেপ্টেম্বৰ : টাই আহোমসকলৰ এক অন্যতম ধৰ্মীয় অনুষ্ঠান ৰিক্-খন্-ম্যুং-খন্ উৎসৱ । উজনি অসমৰ টাই আহোম লোকসকলৰ এক বিশেষ লোক উৎসৱ ৰিক্-খন্-ম্যুং-খন্ মানে হ'ল জীৱনী শক্তি অথবা আয়ুস শ্ৰীবৃদ্ধি কৰা উৎসৱ । ১২২৮ খ্ৰীষ্টাব্দত স্বৰ্গদেও চাওল্যুং চুকাফাই আহোম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ পিছৰে পৰাই আহোমৰ তিনি পুৰোহিত দেউধাই, মহন আৰু বাইলুঙসকলে এই ৰিক্-খন্-ম্যুং-খন্ উৎসৱ অনুষ্ঠিত কৰিছিল ।
আহোম ৰাজ্যৰ শ্ৰীবৃদ্ধিৰ লগতে স্বৰ্গদেউ, ডাঙৰীয়াসকলৰ শ্ৰীবৃদ্ধি অথবা আয়ুস বৃদ্ধিৰ বাবে আৰু সৈন্য-সামন্তসকলৰ শক্তি বৃদ্ধিৰ বাবে এই পূজা কৰা হৈছিল । আহোম স্বৰ্গদেওসকলৰ দিনৰপৰা বৰ্তমানলৈ সম্পূৰ্ণ টাই পৰম্পৰাৰে টাই আহোমসকলে এই ৰিক্-খন্-ম্যুং-খন্ উৎসৱ অনুষ্ঠিত কৰি আহিছে । টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আমগুৰিৰ চামগুৰিত "চাও-চেন-ৰেন" ত দেওবাৰে অনুষ্ঠিত কৰে "ৰিক্-খন্-ম্যুং-খন্" উৎসৱ ।