অসম

assam

ETV Bharat / state

গৌৰীসাগৰত অসম গণ পৰিষদৰ যোগদান কাৰ্যসূচী - অসম গণ পৰিষদৰ যোগদান কাৰ্যসূচী

গৌৰীসাগৰৰ কাৱৈমাৰীত বিধায়ক প্ৰদীপ হাজৰিকাৰ সৈতে অন্তৰংগ আলাপ আৰু যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় । বিভিন্ন দলৰ প্ৰায় ৩০০ গৰাকী লোকে অসম গণ পৰিষদত যোগদান কৰে । বিধানসভা নিৰ্বাচনত আমগুৰি সমষ্টিত পুনৰ অসম গণ পৰিষদৰ বিধায়ক প্ৰদীপ হাজৰিকাই জয়ী হ'ব বুলি দাবী কৰে কণ্ঠশিল্পী মনোজ বড়াই ।

গৌৰীসাগৰত অসম গণ পৰিষদৰ যোগদান কাৰ্যসূচী
গৌৰীসাগৰত অসম গণ পৰিষদৰ যোগদান কাৰ্যসূচী

By

Published : Jan 21, 2021, 4:05 PM IST

Updated : Jan 21, 2021, 5:06 PM IST

আমগুৰি, ২১ জানুৱাৰী: বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে জিলাই জিলাই ৰাজনৈতিক দলৰ সভা-সমিতিয়ো বৃদ্ধি পাইছে । অহা ফেব্ৰুৱাৰী মাহত বিজেপি আৰু অগপৰ মাজত আসনৰ ভাগ-বটোৱাৰা হোৱাৰ সম্ভাৱনা প্ৰকট হোৱাৰ সমান্তৰালকৈ কেতবোৰ সমষ্টিত বৰ্তমানৰ বিধায়কগৰাকীয়ে পুনৰ প্ৰতিদ্বন্দিতা কৰাৰ বাবে প্ৰস্তুতি চলাইছে । বৃহস্পতিবাৰে শিৱসাগৰৰ গৌৰীসাগৰৰ কাৱৈমাৰীত বিধায়ক প্ৰদীপ হাজৰিকাৰ সৈতে অন্তৰংগ আলাপ আৰু যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় ।

এই অনুষ্ঠানতে বিভিন্ন দলৰ প্ৰায় ৩০০ গৰাকী লোকে অসম গণ পৰিষদৰ সদস্যতা গ্ৰহণ কৰে । অনুষ্ঠানত উপস্থিত থাকি নতুনকৈ দলটোত যোগদান কৰা কণ্ঠশিল্পী মনোজ বড়াই কয় যে, আমগুৰিত পুনৰ মুখ ঠেকেচা খাব কংগ্ৰেছৰ যুৱনেত্ৰী ড° অংকিতা দত্তই । বিগত বছৰ কেইটাত কৰা উন্নয়নমূলক কামৰ বাবে বিধায়ক প্ৰদীপ হাজৰিকাই পুনৰ এইবাৰ নিৰ্বাচনৰ বাবে সমষ্টিটোৰ পৰা টিকট লাভ কৰিব আৰু জয়ী হ'ব বুলি দাবী কৰে ন-অগপ নেতাজনে ।

মত-বিনিময় অনুষ্ঠানতে বিজেপি ক'ৰ পৰা সৃষ্টি হৈছে, বিজেপিত কিমান মানুহ আছে, বিজেপিত কিমান মানুহে যোগদান কৰিছে বুলি প্ৰশ্ন কৰাৰ লগতে বিজেপিয়ে ভুৱা প্ৰচাৰ চলাই আছে বুলিও মন্তব্য কৰে । আনহাতে, বিজেপিয়েও আমগুৰি সমষ্টিৰ পৰা নিজা প্ৰাৰ্থী প্ৰক্ষেপিত কৰাৰ পৰিকল্পনা কৰিছে । অহা ফেব্ৰুৱাৰী মাহত আসন ভাগ-বটোৱাৰা সন্দৰ্ভত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতহে এই সকলোবোৰ কথা স্পষ্ট হৈ পৰিব ।


লগতে পঢ়ক:বিহালীত চাহ শ্ৰমিক মজুৰি বৃদ্ধি সংগ্ৰাম সমিতিৰ কৰ্মশালা

Last Updated : Jan 21, 2021, 5:06 PM IST

ABOUT THE AUTHOR

...view details