অসম

assam

ETV Bharat / state

কৃষক নেতা অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ ডিব্ৰুগড় আৰক্ষীৰ - কৃষক মুক্তি সংগ্ৰাম সমিতি

অখিল গগৈক বুধবাৰে পুনৰ গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে ৷ চাবুৱা থানাত ৰুজু হোৱা ২৮৯/১৯ নং গোচৰত গ্ৰেপ্তাৰ কৰা হয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা গৰাকীক ৷

Again arrested akhil gogoi sivsagar assam latest news etv bharat news
পুনৰ গ্ৰেপ্তাৰ অখিল গগৈ

By

Published : Apr 1, 2020, 12:35 PM IST

শিৱসাগৰ,1 এপ্ৰিলঃদীৰ্ঘদিনে কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈ বুধবাৰেমুকলি আকাশৰ তললৈ অহাৰ কথা আছিল ৷ কিন্তু এই সুযোগ লাভ নকৰোতে নেতাগৰাকীক পুনৰ গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে ৷ নামৰূপৰ মহকুমা আৰক্ষী বিষয়া কুলপ্ৰদীপ ভট্টাচাৰ্যৰ নেতৃত্বত এটা বৃহৎ আৰক্ষীৰ দল মঙলবাৰে গগৈক গ্ৰেপ্তাৰৰ বাবে উপস্থিত হয় শিৱসাগৰত ৷ চাবুৱা থানা পঞ্জীয়ন হোৱা ২৮৯/ ১৯ নম্বৰৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে অখিল গগৈক ৷

উল্লেখ্য যে,বুধবাৰে শিৱসাগৰ জিলা কাৰাগাৰত ভিডিঅ' কনফাৰেঞ্চ যোগে শুনানি আছিল উক্ত গোচৰৰ ৷ কিন্তু শুনানিৰ পূৰ্বে গ্ৰেপ্তাৰ কৰা হয় অখিল গগৈক ৷ আৰক্ষীয়ে কোনো চমন নোহোৱাকৈ নেতাগৰাকীক গ্ৰেপ্তাৰ কৰা কাৰ্যত অখিলৰ লগতে অখিলৰ অধিবক্তাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে গ্ৰেপ্তাৰৰ বাবে অহা আৰক্ষীক জবাবদিহি কৰিবলৈ দাবী জনায় অখিল গগৈয়ে ৷

পুনৰ গ্ৰেপ্তাৰ অখিল গগৈ

ইফালে,সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যবাসীক লক ডাউন মানি চলিবলৈ আহ্বান জনাইছে কৃষক নেতাগৰাকীয়ে ৷ এই সময়ছোৱাত ৰাজ্যৰ চাহ বাগিচাসমূহ খোলা ৰখা চৰকাৰৰ সিদ্ধান্তক ভুল বুলি প্ৰকাশ কৰে গগৈয়ে ৷ "অসমীয়া মানুহে লক ডাউন মানিবলৈ সহজ ৷ আই ওলালে এনেয়ো অসমীয়া সমাজত নিজকে নিলগাই ৰখাতো পৰম্পৰা অনুসৰি নিয়ম আছে ৷ সেয়ে অসমীয়া ৰাইজৰ বাবে লক ডাউন মানি চলাতো জটিল নহয়"বুলি আহ্বান জনায় অখিলে ৷

আনহাতে,সংবাদ মাধ্যমলৈ দুপৃষ্ঠাৰ এক পত্ৰ প্ৰেৰণ কৰে অখিল গগৈয়ে ৷ কাৰাগাৰ আৰু চাহ বাগিচাত কৰ'ণা সংক্ৰমণ হোৱাতো তেনেই সহজ ৷ এই দিশত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দোহাৰে নেতাগৰাকীয়ে ৷ কা বিৰোধী আন্দোলনৰ স্থিতিত অটল অখিলে বাৰে বাৰে দেশদ্ৰোহিতাৰ অপযশ মানিবলৈ সাজু বুলি উল্লেখ কৰে ৷ তদুপৰি মাতৃৰ স্বাস্থ্যৰ লগতে চকুৰ অস্ত্ৰোপচাৰ কৰিবলৈ আহ্বান জনায় কৃষক সংগঠনটোৰ নেতাগৰাকীয়ে ৷ পৰিয়ালৰ সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আৱেগিক হৈ পৰে অখিল গগৈ ৷

ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কৃষক মুক্তিৰ নেতাগৰাকীক

লগতে চাওকঃ পুনৰ অখিল গগৈক গ্ৰেপ্তাৰৰ বাবে সাজুু অসম আৰক্ষী

ABOUT THE AUTHOR

...view details