অসম

assam

ETV Bharat / state

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল আমগুৰি

শিৱসাগৰৰ আমগুৰিত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ । চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত সংগঠনটোৰ কৰ্মকৰ্তাই ঘেৰাও কৰিলে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ।

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল আমগুৰি
অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল আমগুৰি

By

Published : Feb 10, 2021, 3:25 PM IST

আমগুৰি, ১০ ফেব্ৰুৱাৰী: চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত দীৰ্ঘদিন ধৰি চাহ শ্ৰমিকসকল আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও চৰকাৰে তেওঁলোকৰ দাবী আজি পৰ্যন্ত মানি লোৱা নাই । সেয়ে, বিধানসভা নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবী জনাই মঙলবাৰে পুনৰ বিক্ষোভ প্ৰদৰ্শন কৰিলে অসম চাহ জনজাতি ছাত্ৰ সন্থাই । সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমগুৰি শাখাই ৩ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল আমগুৰি

শিৱসাগৰৰ আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি বিক্ষোভ প্ৰদৰ্শন কৰে প্ৰতিবাদকাৰীসকলে । চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰিবলৈ দাবী জনায় সংগঠনটোৰ সদস্যসকলে । চাহ শ্ৰমিকৰ সমস্যাক আওকাণ কৰা বাবে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধেও প্ৰতিবাদকাৰীসকলে ক্ষোভ উজাৰে ।

বিজেপি চৰকাৰ গ' বেক, শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ মুৰ্দাবাদ,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাম নাই, চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰক আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । বিধানসভা নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি নকৰিলে নিৰ্বাচনত বিজেপিক উচিত প্ৰত্যুত্তৰ দিয়াৰো হুংকাৰ দিয়ে সংগঠনটোৱে ।



লগতে পঢ়ক:অখিল গগৈৰ মাতৃৰ স্বাস্থ্যৰ বুজ ল'লে প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে

ABOUT THE AUTHOR

...view details