অসম

assam

ডলু চাহ বাগিছাৰ উচ্ছেদক লৈ ৰাজ্যজুৰি আটছাৰ বিক্ষোভ

By

Published : May 18, 2022, 10:53 PM IST

প্ৰসংগ ডলু চাহ বাগিছা (Eviction drive at Doloo tea estate)৷ উজনিৰ পৰা নামনিলৈ ডলু চাহ বাগিছাৰ উচ্ছেদৰ বিৰোধিতাৰে ৰাজ্যজুৰি আটছাৰ গণ বিক্ষোভ ৷ শীঘ্ৰে চৰকাৰে নিজৰ স্থিতি সলনি নকৰিলে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী আটছা কৰ্মীসকলে ৷

Greenfield airport at Silchar
ডলু চাহ বাগিছাৰ উচ্ছেদক লৈ ৰাজ্যজুৰি আটছাৰ বিক্ষোভ

নিউজ ডেস্ক, 18 মে’ : ৰাজ্যজুৰি আটছাৰ বিক্ষোভ ৷ হাতত প্লে কাৰ্ড লৈ প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলৰ দাবী, শিলচৰৰ ডলু চাহ বাগিছাকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত প্ৰশাসনে চলাই থকা উচ্ছেদ অভিযান বন্ধ কৰক চৰকাৰে (Eviction drive at Doloo tea estate) ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ শিৱসাগৰটো অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আটছাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ চৌহদৰ পৰা সমদল উলিয়াই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে চাহ জনজাতি ছাত্ৰ সন্থা আৰু চাহ জনজাতি মহিলা সমিতিয়ে । চৰকাৰে চাহ বাগিচাত চলোৱা উচ্ছেদৰ ফল অহা নিৰ্বাচনত ভোগ কৰিব লাগিব বুলিও এক প্ৰকাৰে সকিয়ানী প্ৰদান কৰে আটছাই ।

ইফালে ডলু চাহ বাগিচা উচ্ছেদক লৈ মৰাণতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আদিবাসী ছাত্ৰ সন্থাই ৷ উল্লেখ্য যে, চৰকাৰে ডলু চাহ বাগিচাসহ ইয়াৰ শাখা বাগিচা লালবাগ আৰু ময়না গড়ৰ 873 একৰ ভূমিৰ চাহগছ ধ্বংস কৰি এখন গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণ (Greenfield airport at Silchar) কৰিবলৈ লোৱা কাৰ্যক ৰাজ্যজুৰি দল সংগঠনেৰে বিৰোধীতা কৰিছে ।

ৰাজ্যজুৰি আটছাৰ বিক্ষোভ

লগতে পঢ়ক :বিমান বন্দৰৰ পাতিবলৈ কাছাৰৰ ডলু চাহ বাগিছাত প্ৰশাসনে চলালে উচ্ছেদ

ইমানৰ পাচতো নিজৰ স্থিতিত অটল ৰাজ্য চৰকাৰ । যাৰ বিৰোধিতাৰে মৰাণৰ ট্ৰেফিক পইণ্টত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে আছাই । লগতে শিলচৰৰ ক্ষতিগ্ৰস্ত চাহ শ্ৰমিকক ক্ষতিপূৰণ দিয়াৰো দাবী উত্থাপন কৰে প্ৰতিবাদী আছাৰ কৰ্মীসকলে ।

কেৱল যোৰহাট বা শিৱসাগৰেই নহয়, অসম আদিবাসী ছাত্ৰ সংগঠন আটছাই (AATSA) শোণিতপুৰৰ তেজপুৰত আৰু লখিমপুৰতো ডুলু চাহ বাগিচাৰ উচ্ছেদ অভিযানক লৈ এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । ছাত্ৰ সংগঠনটোৰ মহিলা সংগঠন আটুৱাৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰা কৰে ৷

ডলু চাহ বাগিছাৰ উচ্ছেদক লৈ ৰাজ্যজুৰি আটছাৰ বিক্ষোভ

লগতে অসমৰ চৰকাৰে আদিবাসী চাহ শ্ৰমিকৰ ওপৰত কৰা এই অত্যাচাৰৰ পিছতো মৌনতা অৱলম্বন কৰা চাহ জনগোষ্ঠীৰ জন প্ৰতিনিধি, মন্ত্ৰী, সাংসদ আৰু বিধায়কসকলকো কঠোৰ ভাষাৰে তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক :ডলু চাহ বাগিচাৰ উচ্ছেদৰ বিৰুদ্ধে আটছাই কঁপাব ৰাজ্য

ABOUT THE AUTHOR

...view details