আমগুৰি,21 মাৰ্চ:সমাগত অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ মাজতে বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা ৷ চাহ শ্ৰমিকসকলক দীৰ্ঘ দিন ধৰি ভূৱা প্ৰতিশ্ৰুতি দি ভোটৰ স্বাৰ্থত ব্যৱহাৰ কৰি অহা বুলি অভিযোগ উত্থাপন কৰি চাহ জনগোষ্ঠীৰ লোকসকলক সজাগ কৰাৰ প্ৰয়াস কৰিছে চাহ জনজাতি ছাত্ৰ সন্থাই ৷
ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে দেওবাৰে, আমগুৰি অঞ্চলৰ বাগিচাসমূহত সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাই ৰাজনৈতিক সজাগতা সভা অনুষ্ঠিত কৰি বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ উঠা পৰিলক্ষিত হয় ৷ আমগুৰি সমষ্টিৰ অন্তৰ্গত আমগুৰি, হালোৱাটিং, বৰবাম, বাঘজান, টিফুক, বৰচিলাকে ধৰি মুঠ 9 খনকৈ চাহ বাগিচাৰ শ্ৰমিকৰ মাজত সংগঠনটোৱে এলানি ৰাজনৈতিক সভা অনুষ্ঠিত কৰি চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া দাবীসমূহৰ সন্দৰ্ভত পুনৰবাৰ সজাগ কৰাৰ প্ৰয়াস কৰে ।