শিৱসাগৰ,১১ ডিচেম্বৰ :২০১৯ চনৰ ১১ ডিচেম্বৰত গৃহীত হৈছিল বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন । আইন গৃহীত হোৱা দুবছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে পুনৰ অসমত কা' বিৰোধী প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে । আইন গৃহীত হোৱা এই দিনটো সমগ্ৰ অসমতে সদৌ অসম ছাত্ৰ সন্থাই ক'লা দিৱস হিচাপে পালন কৰিছে ।
লগতে অসমৰ প্ৰতিখন জিলাতে আছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে । শিৱসাগৰ জিলাতো আছু কৰ্মীসকলে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে (AASU protest at Sivsagar) । নগৰৰ মুক্তিনাথ চাৰিআলিত বহু সংখ্যক আছু কৰ্মীয়ে চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।