অসম

assam

ETV Bharat / state

জলসম্পদ বিভাগৰ ব্যৰ্থতা উদঙাই শিৱসাগৰত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বান গৰাখহনীয়া সমস্যা সমাধানত জলসম্পদ বিভাগৰ ব্যৰ্থতাৰ অভিযোগেৰে শিৱসাগৰ জিলা ছাত্ৰ সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিলে । সোমবাৰে জলসম্পদ বিভাগৰ শিৱসাগৰ সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত শিৱসাগৰ জিলা ছাত্ৰ সন্থাই কৰিলে এই প্ৰতিবাদ ।

aasu protest against water resource at sivsagar
জলসম্পদ বিভাগৰ ব্যৰ্থতা উদঙাই শিৱসাগৰ ছাত্ৰ সন্থাৰ প্ৰতিবাদ

By

Published : Jun 29, 2020, 9:17 PM IST

শিৱসাগৰ,২৯জুন: বান গৰাখহনীয়া সমস্যা সমাধানত ব্যৰ্থ হৈছে ৰাজ্যৰ জলসম্পদ বিভাগ । এই অভিযোগেৰে শিৱসাগৰত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিলে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই । শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বান গৰাখহনীয়া সমস্যা সমাধানত জলসম্পদ বিভাগৰ ব্যৰ্থতাৰ প্ৰতিবাদত জলসম্পদ বিভাগৰ শিৱসাগৰ সংমণ্ডলত কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনালে ।

জলসম্পদ বিভাগৰ ব্যৰ্থতা উদঙাই শিৱসাগৰ ছাত্ৰ সন্থাৰ প্ৰতিবাদ

লগতে জিলা উপায়ুক্ত আৰু জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ হাতত একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰে । বিভাগটোৱে জিলাখনত হৈ অহা বান গৰাখহনীয়াৰ সমস্যা শীঘ্ৰে সমাধানৰ ব্যৱস্থা গ্ৰহণ নকৰিলে জিলা ছাত্ৰ সন্থাই আন্দোলনৰো হুংকাৰ দিয়া পৰিলক্ষিত হয় ।

ABOUT THE AUTHOR

...view details