শিৱসাগৰ, 18 আগষ্ট :ক’ভিড মহামাৰীৰ বাবে দীৰ্ঘদিন বন্ধ থকা বিদ্যালয়সমূহ ১ ছেপ্টেম্বৰৰ পৰা খোলাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ কিন্তু শিৱসাগৰ নগৰৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ অৱস্থাই সচেতন মহলক বিদ্যালয়খনত কিদৰে পাঠদান হ'ব তাকে লৈ চিন্তিত কৰি তুলিছে ৷ অসম চৰকাৰে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ উন্নয়নৰ শ্ল’গান দি আছে যদিও বাস্তৱত ইয়াৰ এখন বিপৰীত ছবিহে পৰিস্ফূত হৈছে ।
১৮৭০ চনত প্ৰতিষ্ঠা হৈছিল শিৱসাগৰ নগৰৰ ন আলিৰ আমগুৰিঘাট প্ৰাথমিক বিদ্যালয়খন ৷ বিদ্যালয়খন প্ৰতিষ্ঠা হোৱাৰ ১৫০ বছৰ অতিক্ৰম কৰিলে । কিন্তু সম্প্ৰতি এজাক বৰষুণত পানীৰ তলত বুৰ গৈছে এইখন বিদ্যালয় ৷ প্ৰায় এবছৰৰ পাছত অহা ১ ছেপ্তেম্বৰৰ পৰা বিদ্যালয়সমূহত পাঠদান আৰম্ভ হোৱাৰ ইংগিত দিছে চৰকাৰে । কিন্তু বিদ্যালয়খনৰ চোতালত একাঠু পানী । কিন্তু এইয়া কোনো নদীৰ বাঢ়নি পানী নহয় । নৰ্দমাৰ গেলা মলিয়ন পানী ।
নৰ্দমাৰ পানীৰ তলত এখন চৰকাৰী বিদ্যালয় বিগত দিনবোৰতো বিদ্যালয়খনত পানী উঠাৰ সমস্যা আছিল । কিন্তু এইবাৰ প্ৰথম শ্ৰেণীকোঠাত সোমাইছে পানী । কাষৰীয়া লোকে নিজ নিজ ভেটি ওখ কৰি দিয়াৰ ফলত আৰু নৰ্দমাৰ সু-ব্যৱস্থা নোহোৱাৰ বাবে বিদ্যালয়খনত এইদৰে পানী উঠা বুলি প্ৰধান শিক্ষয়িত্ৰীয়ে অভিযোগ আনিছে । প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে ক’লে, এইদৰে পানী উঠা বিদ্যালয়ৰ পৰা অভিভাৱকে নিজ সন্তানক আঁতৰাই নিলে শিক্ষা বিভাগে ওলোটাই বিদ্যালয়ৰ শিক্ষকক জগৰীয়া কৰিব উপযুক্ত শিক্ষা প্ৰদান কৰিব নোৱাৰা বুলি ।
আগন্তুক দিনত পাঠদানৰ সময়ত এইদৰে এজাক বৰষুণত বিদ্যালয়খন পানীত বুৰ গ’লে শ শ ছাত্ৰ-ছাত্ৰীক লৈ কি পৰিস্থিতি হ'ব তাক ভাবি শংকিত হৈ পৰিছে বিদ্যালয় কৰ্তৃপক্ষ । প্ৰধান শিক্ষয়িত্ৰীয়ে চাৰিওফালৰ মানুহৰ ভীৰত উশাহ নোপোৱা পৰিস্থিতি হৈছে বুলিও অভিযোগ কৰিছে ৷ এনে প্ৰতিকূল পৰিস্থিতিৰ মাজত সম্ভৱনে ছাত্ৰ-ছাত্ৰীক উপযুক্ত শিক্ষা প্ৰদানৰ !
লগতে পঢ়ক :ক’ভিড নিৰ্দেশনা অনুসৰি আজিৰে পৰা বৰপেটা সত্ৰৰ কীৰ্তনঘৰ মুকলি