শিৱসাগৰ, 23 জুন :এটা ফেচবুক প'ষ্ট আৰু তাৰ পাচতে এক হুলস্থূলীয়া পৰিৱেশ ৷ ফেচবুক প'ষ্টটোক লৈ শিৱসাগৰ জিলাৰ ডিমৌত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । তথ্য অনুসৰি, নিতাইপুখুৰী হাঁহপৰা চুকৰ নিবাসী কল্যাণ গগৈ নামৰ এজন বিবাহিত পুৰুষে পত্নী আৰু 3 বছৰীয়া কন্যা সন্তানৰ সহিতে আত্মহত্যা কৰাৰ কথা ফেচবুক প'ষ্টটোত লিখাৰ পিছতে অঞ্চলজুৰি হুৱাদুৱা লাগে (Tension prevails in Sivasaagar over suicide case) । বৰ্তমানে সন্ধানহীন হৈ আছে তিনিজনীয়া পৰিয়ালটো ।
ডিব্ৰুগড় জিলাৰ নিতাইপুখুৰীৰ সমীপত কেঁকণী চুক নামৰ স্থানত ডিমৌ নদীত পৰি উক্ত পৰিয়ালটোৱে আত্মহত্যা কৰাৰ সন্দেহ কৰিছে অঞ্চলটোৰ ৰাইজে (Family committed suicide together in Dimow River) । ইফালে ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষীক ৷ তাৰ পাচতে ঘটনাস্থলীত মৰাণ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ নিখোঁজ পৰিয়ালটোৰ সন্ধানত নামি পৰিছে ৷
ঘটনাৰ বিৱৰণি অনুসৰি, কল্যান গগৈয়ে ফেচবুকৰ এটা প’ষ্টত উল্লেখ কৰিছিল যে, জিতু তপন চেতিয়া আৰু তেওঁৰ পত্নীৰ বাবেই আত্মহত্যাৰ পথ বাচি ল’ব লগা হৈছে ৷ কাৰণ জিতু তপন চেতিয়াৰ পত্নীৰ সৈতে কল্যান গগৈৰ মাজত বহু দিনীয়া এক সম্পৰ্ক আছিল ৷
লগতে পঢ়ক :Naharkatia Murder : প্ৰেমৰ বাবেই দুই বন্ধুৱে হত্যা কৰিলে ৰিয়াজক