অসম

assam

ETV Bharat / state

ডলা-চালনী বিক্ৰী কৰি স্বাৱলম্বী হোৱা এটা দম্পতী - bamboo industry

পুৰণি কালৰে পৰা অৰ্থাৎ অৰণ্য এৰি কৃষিমুখী হোৱাৰ দিনৰে পৰাই অসমীয়াই ব্যৱহাৰ কৰি আহিছে বাঁহৰ সামগ্ৰী ৷ কিন্তু সময়ৰ সোঁতত লাহে লাহে কমি যাবলৈ ধৰিছে এই সামগ্ৰীৰ ব্যৱহাৰ ৷ অসমীয়া সমাজ জীৱনৰ পৰা ক্ৰমান্বয়ে যেন হেৰাই গৈছে বাঁহশিল্প উদ্যোগ ৷ কিন্তু তাৰ মাজতো একাংশই আজিও চেষ্টা অব্যাহত ৰাখিছে নিজ থলুৱা উদ্যোগটো জীয়াই ৰাখিবলৈ ৷

ডলা-চালনী বিক্ৰী কৰি স্বাৱলম্বী এটা দম্পত্তি
ডলা-চালনী বিক্ৰী কৰি স্বাৱলম্বী এটা দম্পত্তি

By

Published : Apr 9, 2021, 9:42 AM IST

আমগুৰি,8 এপ্ৰিল:অসমৰপাহাৰে-ভৈয়ামে উভৈনদী ৰূপত থকা বিভিন্ন জাতিৰ বাঁহ-বেতেৰে তৈয়াৰ কৰা হয় অসমীয়া জাতীয় জীৱনৰ নিত্য প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী। পুৰণি কালৰে পৰা অৰ্থাৎ অৰণ্য এৰি কৃষিমুখী হোৱাৰ দিনৰে পৰাই অসমীয়াই ব্যৱহাৰ কৰি আহিছে বাঁহৰ সামগ্ৰী ৷ কিন্তু সময়ৰ সোঁতত লাহে লাহে কমি যাবলৈ ধৰিছে এই সামগ্ৰীৰ ব্যৱহাৰ ৷ অসমীয়া সমাজ জীৱনৰ পৰা ক্ৰমান্বয়ে যেন হেৰাই গৈছে বাঁহশিল্প উদ্যোগ ৷ কিন্তু তাৰ মাজতো একাংশই আজিও চেষ্টা অব্যাহত ৰাখিছে নিজ থলুৱা উদ্যোগটো জীয়াই ৰাখিবলৈ ৷

শিৱসাগৰ জিলাৰ আমগুৰিতো এনে বহু কেইখন গাঁও আছে, য'ত গাঁওবাসীয়ে আজিও পৌৰাণিক পদ্ধতিৰে বাঁহশিল্পৰে উৎপাদিত সামগ্ৰী তৈয়াৰ কৰি পৰিয়াল পোহপাল দি আছে । আমগুৰিৰ মাজবাৰী, গাহৰিচোৱাবাৰী, তেপৰ, চাৰিং, লালিমছিগা আদি গাঁৱৰ লোক সকল বৰ্তমানেও বাঁহশিল্পৰ ওপৰতে নিৰ্ভৰশীল ৷ ডলা-চালনী, বিচনী,ঢাৰি,খৰাহী,জুলুকী আদি তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰি পোৱা ধনেৰে চলাই আছে পৰিয়াল ৷ তাৰ মাজতে আমগুৰিৰ এটা দম্পত্তি হৈ পৰিছে সকলোৰে বাবে আদৰ্শ ৷

ডলা-চালনী বিক্ৰী কৰি স্বাৱলম্বী এটা দম্পত্তি

যি সময়ত চৰকাৰ আৰু পঞ্চায়তীৰাজ ব্যৱস্থাই দৰিদ্ৰ লোকৰ অৰ্থনৈতিক উন্নয়নৰ কথা কৈ আহিছে সেই সময়তো যেন নামতিদ'ল গাঁও পঞ্চায়তৰ অধীনৰ এই পৰিয়ালটোৱে উদ্যোগটো জীয়াই ৰাখিবলৈ লাভ কৰা নাই কোনো সাহাৰ্য ৷ দীপক গগৈ আৰু ৰঞ্জুমণি গগৈ নামৰ দম্পত্তিটোৱে আশী দশকত পাঁচ টকা দৰৰ পৰা ডলা বিক্ৰি কৰি পৰিয়াল পোহ-পাল দি আহিছে ৷ বৰ্তমান পৰিয়ালটোৰ মাহেকীয়া আয় 5 ৰপৰা 6 হাজাৰ টকা যদিও কোনো চৰকাৰী সুবিধা লাভ নকৰিলে পৰিয়ালটোৱে ৷

লগতে পঢ়ক :প্ৰতিদ্বন্দিতামূলক ভাৱে সামৰণি পৰিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচন

ABOUT THE AUTHOR

...view details