অসম

assam

By

Published : Jul 17, 2019, 10:53 AM IST

ETV Bharat / state

চাফাই অভিযানত নামিল আমগুৰি ই-ৰিক্সা চালক সন্থা

চাফাই অভিযানত নামিল আমগুৰি ই-ৰিক্সা চালক সন্থা ৷ দীৰ্ঘদিন অৱহেলিত উদ্যানৰ চাফাই অভিযানত নামি দেখুৱালে নিদৰ্শন ৷

চাফাই অভিযানত নামিল  আমগুৰি ই-ৰিক্সা চালক সন্থা

শিৱসাগৰ,আমগুৰি,17 জুলাইঃ আমগুৰি ই-ৰিক্সা চালক সন্থাৰ এক ব্যতিক্ৰমী প্ৰচেষ্টাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ দেওবাৰে আমগুৰি দেওবৰীয়া বজাৰৰ সমীপত থকা অত্যাধুনিক শান্তিবন উদ্যানৰ চাফাই অভিযানত সন্থাৰ সদস্যসকলক স্বেচ্ছাই শ্ৰমদান কৰা দেখা গ'ল ৷ আমগুৰি ই-ৰিক্সা চালক সন্থাৰ উদ্যোগত প্ৰায় অৰ্ধ-শতাধিক ই-ৰিক্সা চালকে হাতত কোৰ-ঝাড়ু লৈ অপৰিস্কাৰ হৈ থকা শান্তিবনৰ চাফাই কাৰ্য সম্পন্ন কৰে।

চাফাই অভিযানত নামিল আমগুৰি ই-ৰিক্সা চালক সন্থা

উল্লেখ্য যে ২০০৫ চনতে নিৰ্মাণ কৰা আমগুৰিৰ অত্যাধুনিক শান্তিবনখন প্ৰয়োজনীয় চোৱা-চিতাৰ অভাৱত চৌপাশ হাবি-জংঘলেৰে আৱৰি ধৰাত অপৰিষ্কাৰ হৈ আছিল ৷ চাফাই অভিযানত সদস্যসকলক আমগুৰি ই-ৰিক্সা চালক সন্থাৰ সভাপতি ৰাজেন গগৈ আৰু সম্পাদক দীপক দাসে সংগ প্ৰদান কৰে ৷ আমগুৰি ই-ৰিক্সা চালক সন্থাৰ এনে প্ৰশংসনীয় পদক্ষেপক আমগুৰিৰ স্থানীয় ৰাইজে আদৰণি জনায় ৷

ABOUT THE AUTHOR

...view details