আমগুৰি 19 জানুৱাৰীঃশিৱসাগৰ জিলাৰ হালোৱাটিঙত নিজ পুত্ৰ-বোৱাৰীৰ হাতত নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ এগৰাকী ষাঠি বছৰীয়া বৃদ্ধাৰ ৷ হালোৱাটিং নেপালীবস্তিৰ নিবাসী ক্ষীৰদা ঘৰফলীয়ানামৰ ষাঠি বছৰীয়া বৃদ্ধাগৰাকীক নিজ পুত্ৰ গৌতম ঘৰফলীয়াই দীৰ্ঘদিন ধৰি মানসিকভাৱে চলাই আহিছে অত্যাচাৰ ৷ বৃদ্ধা গৰাকীক পুত্ৰ-বোৱাৰীয়ে মানসিকভাৱে হাৰাশাস্তি কৰি, পৈতৃক সম্পত্তি বিক্ৰী কৰাৰ চক্ৰান্ত কৰাত উপায়ান্তৰ হৈ অৱশেষত আশ্ৰয় গ্ৰহণ কৰিছে নিজ কন্যাৰ গৃহত ৷ তৎসত্বেও নিজ মাতৃক পুত্ৰ গৌতম ঘৰফলীয়াই বিভিন্ন সময়ত দি আহিছে মানসিক অশান্তি ৷
আমগুৰিত পুত্ৰ-বোৱাৰীৰ নিৰ্যাতনৰ বলি এগৰাকী ষাঠি বছৰীয়া বৃদ্ধা - এজাহাৰ দাখিল
নিজ পুত্ৰ-বোৱাৰীৰ দ্বাৰা নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ আমগুৰিৰ এগৰাকী ষাঠি বছৰীয়া বৃদ্ধাৰ ৷ বৃদ্ধাগৰাকীয়ে পুত্ৰ-বোৱাৰীৰ বিৰুদ্ধে বিচাৰিছে উচিত তদন্ত ৷
ষাঠি বছৰীয়া বৃদ্ধা
উপায়ন্তৰ হৈ বৃদ্ধা গৰাকীয়ে পুত্ৰ-বোৱাৰীৰ এনে নিৰ্যাতনৰ বিষয়ে হালোৱাটিং আৰক্ষীক এজাহাৰ দাখিল কৰিছিল ৷ এজাহাৰ দাখিলৰ পিচতে পুত্ৰই দোষ স্বীকাৰ কৰাত মাতৃয়ে এজাহাৰ উঠাই লয় ৷ ইমানৰ পিছতো পুনৰ পুত্ৰৰ অত্যাচাৰ বাঢ়ি যোৱাত ষাঠি বছৰীয়া বৃদ্ধাগৰাকীয়ে কন্যাৰ গৃহত আশ্ৰয় ল'বলৈ বাধ্য হয় ৷ ইতিমধ্যে বৃদ্ধাগৰাকীয়ে পুত্ৰ-বোৱাৰীৰ বিৰুদ্ধে অন্য এখন এজাহাৰ দাখিল কৰি উচিত তদন্তৰ দাবী কৰিছে ৷
লগতে পঢ়কঃঅসমতে ভগনীয়া হ’ল অসমীয়া সংস্কৃতি