শিৱসাগৰ,19 এপ্ৰিল: শিৱসাগৰ জিলাত ক্ৰমাৎ তীব্ৰতৰ হ’বলৈ ধৰিছে ক’ভিড-19 ৰ সংক্ৰমণ ৷ ৰে’ল, বিমানত অহা যাত্ৰীক তীক্ষ্ণ তালাচী অভিযান চলোৱাৰ পিছতো ঐতিহাসিক শিৱসাগৰ জিলাখনত প্ৰতিদিনেই আক্ৰান্তৰ সংখ্যা বিপদজনকভাৱে বৃদ্ধি পোৱাৰ ঘটনাই উদ্বিগ্ন কৰি তুলিছে সৰ্ব সাধাৰণক ৷ আন জিলাৰ তুলনাত আক্ৰান্তৰ সংখ্যা একেবাৰে নিম্নগামী হৈ থকা শিৱসাগৰত সোমবাৰৰ দিনটোত মুঠ ২৯ জনকৈ ব্যক্তি ক’ভিড ১৯ ত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷
দেওবাৰৰ দিনটোত জিলাখনৰ ১৬ গৰাকীকৈ ব্যক্তি আক্ৰান্ত হোৱাৰ তথ্যই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তে সোমবাৰে ভয়ানকভাৱে জিলাখনৰ ২৯ গৰাকীকৈ ব্যক্তিৰ দেহত ধৰা পৰে ক’ভিড-19 ৰ অৱস্থিতি ৷ শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ এক সূত্ৰই এই তথ্য ৰাজহুৱা কৰিছে ৷
শিৱসাগৰত একেদিনাই ক’ভিডত আক্ৰান্ত ২৯ গৰাকীকৈ লোক জানিব পৰা মতে, ৰজাবাৰী চু্কাফা হাস্পতালত ১১ গৰাকী, শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ৩ গৰাকী, নগৰৰ আদিত্য ডায়গ’নেষ্টিক চেণ্টাৰত ২ গৰাকী, পুৰণা চিভিল হাস্পতালত ৪ গৰাকী, নাজিৰাত ৮ গৰাকী আৰু গৌৰীসাগৰত এগৰাকী আক্ৰান্ত ব্যক্তি চিনাক্ত হৈছে ৷ আটাইকেইজন আক্ৰান্ত ৰেপিড এণ্টিজেন টেষ্টৰ সহায়ত চিনাক্ত কৰা হয় ৷
সোমবাৰৰ দিনটোৰ বিয়লি ভাগলৈকে লাভ কৰা তথ্য অনুসৰি, বিগত এটা পষেকত জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যাই শতকৰ ঘৰ অতিক্ৰম কৰি ১০২ স্পৰ্শ কৰিলে ৷ ক’ভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে মাস্ক পৰিধান, সামাজিক দূৰত্ব বাধ্যতামূলক কৰা হৈছে যদিও জন সচেতনতাৰ অভাৱত ধোঁৱাচাঙত উঠিছে প্ৰশাসনে বান্ধি দিয়া ক’ভিড প্ৰট’কলসমূহ ৷
লগতে পঢ়ক :জখলাবন্ধা আৰক্ষীৰ জালত মাৰণাস্ত্ৰসহ তিনি চোৰাং চিকাৰী