অসম

assam

ETV Bharat / state

শিৱসাগৰত পুনৰ ২৩ গৰাকী দেহত COVID-19 ৰ উপস্থিতি - COVID-19

শিৱসাগৰত শনিবাৰে মহামাৰী COVID-19 ত নতুনকৈ আক্ৰান্ত হয় ২৩ গৰাকী ব্যক্তি । যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত মুঠ ১৭০ গৰাকীলৈ বৃদ্ধি পায় COVID-19ত আক্ৰান্তৰ সংখ্যা ।

 COVID-19
COVID-19

By

Published : Jul 19, 2020, 12:21 PM IST

শিৱসাগৰ, ১৯ জুলাইঃ ৰাজ্যৰ সমান্তৰালকৈ শিৱসাগৰ জিলাতো ক্ৰমাৎ বৃদ্ধি পাইছে মহামাৰী COVID-19 ত আক্ৰান্তৰ সংখ্যা । শনিবাৰে জিলা স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি অবিভক্ত শিৱসাগৰ জিলাত নতুনকৈ ২৩ গৰাকী লোকৰ দেহত ধৰা পৰিছে মহামাৰী COVID-19ৰ উপস্থিতি । নতুনকৈ চিনাক্ত হোৱা COVID-19 আক্ৰান্ত হোৱা ব্যক্তিসকল শিৱসাগৰৰ জাঁজী, আমগুৰি, খেলুৱা আৰু নাজিৰাৰ বুলি জানিব পৰা গৈছে ।

আনহাতে, শনিবাৰে নতুনকৈ COVID-19ত আক্ৰান্ত হোৱা ২৩ গৰাকীকে ধৰি জিলাখনত COVID-19 আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে মুঠ ১৭০ গৰাকী । তাৰ ভিতৰত বৰ্তমানেও চিকিৎসাধীন হৈ আছে ৯৭ গৰাকী ৷ তাৰোপৰি জিলাখনৰ আমগুৰি ৰাজহ চক্ৰ এলেকাত বৃদ্ধি পাইছে COVID-19 আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ শনিবাৰে নতুনকৈ চিনাক্ত হোৱা ২৩ গৰাকীৰ ভিতৰত ১০ গৰাকী মহিলা আৰু ৩ জন শিশু । ইয়াৰে ১৮ গৰাকী আমগুৰিৰ, ২ গৰাকী খেলুৱাৰ, ২ গৰাকী ডিমৌৰ আৰু এগৰাকী নাজিৰাৰ ৷

ABOUT THE AUTHOR

...view details