নাজিৰা,10 জুলাই : মঙলবাৰে শিৱসাগৰ জিলাৰ হাঁহচৰা প্ৰেছ ক্লাৱ প্ৰতিষ্ঠাৰ প্ৰথমটো বৰ্ষপূৰ্তি অনুষ্ঠিত কৰা হ'ল ৷ দিনযোৰা কাৰ্যসূচীৰে হাঁহচৰা মধ্য অসমীয়া বিদ্যালয়ত এক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱাই বৃক্ষ ৰোপণ,পতাকা উত্তোলন আৰু ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্ৰাংকণ,সাধু কথা প্ৰতিযোগিতা,বাতৰি পৰিৱেশন প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয়।
হাঁহচৰা প্ৰেছ ক্লাৱৰ প্ৰথম বৰ্ষপূৰ্তি - ETV BHARAT
হাঁহচৰা প্ৰেছ ক্লাৱৰ প্ৰথমটো প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হয় ৷ অনুষ্ঠানৰ লগতে সংগতি ৰাখি আলোচনা চক্ৰৰো আয়োজন কৰা হয় ৷
হাঁহচৰা প্ৰেছ ক্লাৱৰ প্ৰথম বৰ্ষপূৰ্তি
ইয়াৰোপৰি,"সমাজ উত্তৰণত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ দায়িত্ব আৰু ভূমিকা " শীৰ্ষক এখন আলোচনা চক্ৰৰো আয়োজন কৰা হয়। এই আলোচনা চক্ৰৰ মূল বিষয়বস্তুৰ ওপৰত আলোকপাত কৰে শিৱসাগৰ জিলাৰ বিশিষ্ট সাংবাদিক মনোজ বৰঠাকুৰ আৰু অসম মহাপুৰুষীয়া সমাজৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ত্ৰৈলোক্য দত্তই । হাঁহচৰা প্ৰেছ ক্লাৱৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় ৷