অসম

assam

By

Published : Nov 27, 2019, 11:40 PM IST

ETV Bharat / state

হালোৱাটিঙত গাড়ীসহ গ্ৰেপ্তাৰ কুখ্যাত গাড়ী চোৰ

হালোৱাটিং আৰক্ষীয়ে আটক কৰে এটি গাড়ীচোৰ ৷ ইতিমধ্যে হালোৱাটিং আৰক্ষীয়ে ৩৮/১৯ নম্বৰৰ গোচৰ ৰুজু কৰি চোৰটোক জেললৈ প্ৰেৰণ কৰিছে।

etv bharat
হালোৱাটিঙত গাড়ীসহ এটা কুখ্যাত গাড়ী চোৰ গ্ৰেপ্তাৰ আৰক্ষীৰ

আমগুৰি, নৱেম্বৰঃ হালোৱাটিং আৰক্ষীয়ে গাড়ী সহ এজন গাড়ী চোৰক আটক ৷ ধৃত গাড়ী চোৰটোৰ নাম আনোৱাৰ হুছেইন ৷

হালোৱাটিঙত গাড়ীসহ এটা কুখ্যাত গাড়ী চোৰ গ্ৰেপ্তাৰ আৰক্ষীৰ

সম্প্ৰতি গাড়ী চুৰি চক্ৰৰ কৰিড'ৰত পৰিণত হৈছে হালোৱাটিং । অৱশ্যে হালোৱাটিং আৰক্ষীয়ে অৱশেষত গাড়ীচোৰ আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয় জব্দ কৰা গাড়ীখনৰ নম্বৰ AS 25 BC 6354 ৷ হালোৱাটিং আৰক্ষীৰ বিশেষ তৎপৰতাত গ্ৰীণ পেৰাডাইজ হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰে চোৰটোক । আনোৱাৰ হুছেইন নামৰ চোৰটোৱে গুৱাহাটীৰপৰা নগালেণ্ডত বিক্ৰীৰ বাবে আনিছিল । ইতিমধ্যে হালোৱাটিং আৰক্ষীয়ে ৩৮/১৯ নম্বৰৰ গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰিছে। আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰা অনুসৰি চোৰটোৰ লগত অন্য তিনি সহযোগী আছিল যদিও আৰক্ষী অহাৰ উমান পাই পলায়ণ কৰিবলৈ সক্ষম হয় ।

ABOUT THE AUTHOR

...view details