ৰঙিয়া, 8 ছেপ্টেম্বৰ:ৰঙিয়া আৰক্ষীৰ বৃহৎ সফলতা ৷ বন্যপ্ৰাণী সৰবৰাহ কৰা আন্তঃৰাষ্ট্ৰীয় বৃহৎ চক্ৰ উৎখাত ৰঙিয়া আৰক্ষীৰ (Rangia police rescued wild animal)। ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত এটা দলে বৃহস্পতিবাৰে পুৱতি নিশা 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙিয়া চোছাইটি চকত অভিযান চলাই জব্দ কৰে দুখন ভিআইপি বাহন (Wildlife smuggling abroad in VIP vehicles) ।
জব্দকৃত ফৰ্চুনাৰ DL 8C AQ 9876 আৰু ইন'ভা DL 10 CH 7924 গাড়ী দুখনত লৈ অনা হৈছিল কেইবাটাও বন্যপ্ৰাণী(Rangia Police seized two vehicle) ৷ এই অভিযানত কেংগাৰু ২ টা, চিম্পাঞ্জী ২ টা, বিভিন্ন প্ৰজাতিৰ বান্দৰ ১৯ টা, কাছ ১৮ টা, ভাটৌ ২ টা উদ্ধাৰ কৰে আৰক্ষীৰ অভিযানকাৰী দলটোৱে ৷
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বন্যপ্ৰাণীকেইটাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত আনুমানিক মূল্য কেইবা কোটি টকা হ’ব ৷ এই অভিযানৰ সময়ত আৰক্ষীৰ জালত পৰে সৰবৰাহকাৰী তামিলনাডু থানেৰ ৰঘু সিং আৰু ভিলিপুৰমৰ কাৰ্থিক ।