নলবাৰী,১৬ মাৰ্চ :ভুৱা বাতৰি পৰিৱেশনকৰাৰ অভিযোগ নলবাৰীৰ মুকালমুৱাস্থিত এটা বেৱ প’ৰ্টেলৰ বিৰুদ্ধে (Web portal accused of extortion) ৷ অভিযোগ অনুসৰি, নাৰায়ণপুৰ গাঁৱৰ ৰফিকুল হুছেইন নামৰ লোকজনে নকল টকা প্ৰস্তুত কৰা বুলি দাবী কৰি সেই বাতৰি সম্পাদনা কৰি মুকালমুৱাৰ পৰা নিয়ন্ত্ৰণ কৰা বেৱ প’ৰ্টেলটোৱে সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ ভাবুকি প্ৰদান কৰিছিল ৰফিকুল হুছেইনক ৷
লগতে মুকালমুৱাৰ পৰা নিয়ন্ত্ৰণ হোৱা সেই বেৱ প’ৰ্টেলটোৱে দাবী কৰে যে, যদিহে সেই নিদ্দিষ্ট বাতৰিটো সম্প্ৰচাৰ কৰিব নালাগে, তেন্তে বেৱ প’ৰ্টেলটোক দিব লাগিব 50 হাজাৰ টকা ৷ এই প’ৰ্টেলটোৱে কিছু দিনৰ পৰা 6901491418 নম্বৰৰ দ্বাৰা WhatsApp ত ফোন আৰু SMS যোগে ধন দাবী কৰি আহিছিল ৰফিকুল হুছেইনক ৷ এই অভিযোগ উত্থাপন কৰে ৰফিকুল হুছেইনে ৷
অৱশ্যে ইটিভি ভাৰত, অসমৰ হাতত আহি পৰিছে প’ৰ্টেলটোৱে ৰফিকুল হুছেইনক WhatsApp ত ফোন আৰু SMS কৰাৰ সম্পূৰ্ণ তথ্য ৷