নলবাৰী, ৩০ মে’: অভিশপ্ত দেওবাৰ ৷ দেওবাৰে মাজ নিশা মহানগৰীৰ ৰাজপথত সংঘটিত হৈছিল এক ভয়াৱহ পথ দুৰ্ঘটনা (Guwahati terrible road accident) ৷ এই দুৰ্ঘটনাত থিতাতে নিহত হয় স্কৰপিঅ’ বাহনখনত থকা সাতজন ছাত্ৰৰ আৰু তিনিজন ছাত্ৰ এতিয়া অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে (7 Students Killed in Road Mishap at Jalukbari)। ছাত্ৰকেইজনে চলাই যোৱা স্কৰপিঅ’ বাহনখনৰ খুন্দাত দুৰ্ঘটনাত পতিত হৈছিল এখন ডি আই বাহন ৷ এই ডি আই বাহনখনত থকা তিনিজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান GMCH ত চিকিৎসাধীন হৈ আছে ।
ডি আই বাহনখনত থকা তিনিজনৰ মাজৰ দুজন যুৱকৰ ঘৰ নলবাৰী জিলাৰ মুকালমুৱা অঞ্চলত । ব্ৰয়লাৰ কঢ়িওৱা ডি আই বাহনখত থকা মোজাম্মিল হকৰ ঘৰ মুকালমুৱাৰ নাৰায়ণপুৰত আৰু ইউচুফ আলীৰ ঘৰ মুকালমুৱাৰ বামুণবড়ীত । দুয়োজনে উক্ত দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ GMCH ত চিকিৎসাধীন হৈ আছে (Jalukbari road accident) ।
ইফালে এই দুৰ্ঘটনাটোৰ পিচতে এই দুই যুৱকৰ পৰিয়ালৰ লোকৰ মূৰত এতিয়া সৰগ ভাঙি পৰিছে । কিয়নো ব্ৰয়লাৰ কঢ়িওৱা বাহনত কাম কৰিয়ে মোজাম্মিল আৰু ইউচুফ আলীয়ে পৰিয়ালটো পোহ-পাল দি আছিল । দুয়োজন যুৱক অতি সংকটজনক অৱস্থাত বৰ্তমান চিকিৎসাধীন হৈ থকাত তেওঁলোকৰ দৰিদ্ৰ পৰিয়াল কেইটাৰ মাজত এতিয়া হাহাকাৰ লাগিছে । দুয়োজনৰে উন্নত চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে চৰকাৰক সহায় কৰিবলৈ কাটৰেৰে আহ্বান জনাইছে ।