অসম

assam

ETV Bharat / state

এফালে কৃত্ৰিম বান; আনফালে চোৰৰ টিঘিলঘিলনি - নলবাৰীত চোৰৰ টিঘিলঘিলনি

নলবাৰীৰ কৃত্ৰিম বানৰ সুবিধা গ্ৰহণ কৰিছে একাংশ চোৰে ৷ সোমবাৰে কাহিলিপুৱাতে চহৰখনৰ গাতে লাগি থকা চ’ক বজাৰৰ সমীপৰ মাজদিয়াত হাতে-লোটে ধৰা পৰে এটা চোৰ(Thief nabbed by locals of Nalbari) ৷ দুজনীয়া দলটোৰ এটাই পলাই যাবলৈ সক্ষম হয় ৷

thief-nabbed-by-locals-of-nalbari
নলবাৰীত চোৰৰ টিঘিলঘিলনি

By

Published : May 16, 2022, 2:26 PM IST

নলবাৰী, 16 মে’ :বিগত দুদিন ধৰি সম্পূৰ্ণৰূপে পানীৰ তলত আছে নলবাৰী চহৰ ৷ চহৰখনৰ বাবে এতিয়া এই ঘটনা তেনেই সাধাৰণ হৈ পৰিছে ৷ যাৰ বাবে এক প্ৰকাৰ নিদ্ৰাৰত অৱস্থাত আছে নলবাৰী পৌৰসভা ৷ এজাক নেৰানেপেৰা বৰষুণতে ডুব যোৱা হৈছে সমগ্ৰ নলবাৰী চহৰ ৷ পিছে এই সুবিধা গ্ৰহণ কৰি চাফাই অভিযান আৰম্ভ কৰিছে একাংশ চোৰে ৷ সোমবাৰে কাহিলীপুৱাতে নলবাৰী চহৰৰ গাতে লাগি থকা চ’ক বজাৰৰ সমীপৰ মাজদিয়াত হাতে-লোটে ধৰা পৰে এটা চোৰ(Thief nabbed by locals of Nalbari) ৷

প্ৰাপ্ত তথ্য অনুসৰি, মাজদিয়াৰ সনাতন কলিতা নামৰ ব্যক্তিগৰাকীৰ বাসগৃহত কাহিলিপুৱাতে দুজন চোৰে পানীৰ মটৰ খুলি থকা প্ৰত্যক্ষ কৰে পৰিয়ালৰ লোকে ৷ ততালিকে পৰিয়ালটোৱে চিঞৰ-বাখৰ কৰাত এজনে দৌৰি পলাবলৈ সক্ষম হয় যদিও আনজনক কৰায়ত্ত কৰে স্থানীয় লোকে ৷ মৃণাল দাস নামৰ চোৰটোক স্থানীয় ৰাইজে পঘাৰে গছত বান্ধি ৰাখি খবৰ দিয়ে আৰক্ষীক ৷ পৰৱৰ্তী সময়ত নলবাৰী সদৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ থানালৈ নিয়ে চোৰটোক ৷

নলবাৰীত চোৰৰ টিঘিলঘিলনি

উল্লেখ্য যে, কিছুদিনৰে পৰা প্ৰায়ে নিশাৰ এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি চোৰটোৱে বিভিন্ন লোকৰ বাসগৃহত চুৰি কাৰ্য সংঘটিত কৰি আহিছে ৷ নিশা ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে নিয়ে পানীৰ মটৰকে ধৰি বহু মূল্যৱান সা-সামগ্ৰী ৷ কৃত্ৰিম বানৰ সমস্যাৰ পৰা পৰিত্ৰাণ নোপোৱা চহৰবাসীয়ে চোৰৰ বাবে পাৰ কৰিবলগীয়া হৈছে বিনিদ্ৰ ৰজনী ৷

লগতে চাওক:কৃত্ৰিম বানত বুৰিল নলবাৰী চহৰ: একাঠু পানীৰ তলত জয়ন্ত মল্ল বৰুৱাৰ সপোনৰ নলবাৰী

ABOUT THE AUTHOR

...view details