নলবাৰী,2 জুন:শেহতীয়াকৈ নলবাৰীত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ ৷ এইবাৰ চোৰৰ টাৰ্গেট মন্দিৰৰ সম্পত্তি ৷ সোমবাৰে নিশা সৰিয়হতলী গোপালথান দেৱালয়ত সংঘটিত হৈছে এক চুৰিকাণ্ড ৷
আৰক্ষীৰ পহৰাৰ মাজতে নৈশ কাৰ্ফিউৰ সুযোগ লৈ চোৰে চলালে চাফাই অভিযান ৷ সৰিয়হতলী গোপালথান দেৱালয়ত নিশা চোৰে এফালৰ পৰা লুটিলে মন্দিৰৰ সম্পত্তি ৷ সোণৰ মুৰ্ত্তিকে ধৰি সাতটা মুৰ্তি, সোণৰ বাঁহী, পিতলৰ শংখ, সোণ-ৰূপৰ মুদ্ৰাকে ধৰি বহু পৰিমাণৰ সোণৰ আ-অলংকাৰ লুটি নিলে চোৰে ৷