অসম

assam

By

Published : Nov 24, 2020, 6:41 AM IST

ETV Bharat / state

ৰাস উদযাপনত মানিব লাগিব কোভিড-১৯ ৰ নীতি-নিৰ্দেশনা

স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব কোভিড-১৯ৰ নীতি-নিয়মসমূহ কাৰ্যকৰী হৈছে নে নাই নজৰ দিবলৈ। প্ৰৱেশ-প্ৰস্থান আছুতীয়া কৰিব লাগিব আৰু গেটত থাৰ্মেল স্কেনাৰেৰে পৰীক্ষা কৰিব লাগিব প্ৰতিজন লোকক । মাস্ক পিন্ধিব লাগিব ৰাস কমিটীৰ লগতে ৰাস চাবলৈ অহা লোকে। গেটত হেণ্ড ছেনিটাইজাৰ ৰাখিব লাগিব। কমিটীৰ লোকে ৰাস আৰম্ভ হোৱাৰ ৪৮ ঘন্টা আগত আৰু ৰাস শেষ হোৱাৰ পিছতো কোভিড টেষ্ট কৰিব লাগিব।

ৰাস উদযাপনত মানিব লাগিব কোভিড-১৯ ৰ নীতি-নিৰ্দেশনা
ৰাস উদযাপনত মানিব লাগিব কোভিড-১৯ ৰ নীতি-নিৰ্দেশনা

নলবাৰী, 24 নৱেম্বৰঃৰাসে আবাল-বৃদ্ধ-বনিতাক হাত বাউল দি মাতে ভগৱান কৃষ্ণৰ ৰাসলীলাৰ মৃণ্ময় প্ৰতিমাৰ মাজেৰে প্ৰতিফলিত কৰা ঘটনাসমূহ চাই ভক্তিত গদগদ হ'বলৈ। লাখ লাখ লোকৰ সমাগমেৰে বিগত বছৰবোৰত লোকে লোকাৰণ্য হয় নলবাৰী হৰি মন্দিৰত অনুষ্ঠিত ৰাস মহোৎসৱত। জিলাখনৰ টিহু,শিলপোতাবড়ী,ৰামপুৰ আদি ঠাইতো ৰাস উদযাপন কৰা হয় উলহ-মালহেৰে। কিন্তু এইবেলি কোভিড-১৯ মহামাৰীয়ে ম্লান কৰিছে ৰাসৰ উছাহ।আৰু চৰকাৰে বান্ধি দিয়া নিয়ম-নীতিসমূহ পালন কৰিহে মাত্ৰ তিনিদিনীয়াকৈ উদযাপন কৰা হ'ব নলবাৰীৰ ৰাস।


কোভিড-১৯ নিবিয়পিবলৈ চৰকাৰে যি নীতি-নিয়ম বান্ধি দিছে সেইবোৰ পালন কৰিহে যাতে নলবাৰী জিলাৰ ৰাস কমিটীসমূহে ৰাস মহোৎসৱ উদযাপন কৰে সেই সম্পৰ্কত আলোচনা কৰিবলৈ সোমবাৰে নলবাৰী জিলা প্ৰশাসনে জিলাখনৰ ৰাস কমিটীসমূহৰ লগত জিলা উপায়ুক্তৰ সভাকক্ষত এক আলোচনাত মিলিত হয়।
নলবাৰী জিলাৰ উপায়ুক্ত পূৰৱী কোৱঁৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত আৰক্ষী অধীক্ষক অমনজিত কৌৰ,জিলা উন্নয়ন আয়ুক্ত অভিজিত সিনহা,অতিৰিক্ত উপায়ুক্ত ফিৰডৌচ আলম শ্বেইখ,কল্পনা ডেকা,ছয়নিকা ঠাকুৰীয়া আৰু উৰ্মি মেধি,চক্ৰ বিষয়া বনশ্ৰী ডেকা,কংকন শৰ্মা,নন্দিতা হাজৰিকা আৰু সহকাৰী আয়ুক্ত আফৰীন হুছেইন উপস্থিত থাকি ৰাসত পালন কৰিবলগীয়া নীতি-নিয়মসমূহ ৰাস কমিটীসমূহক অৱগত কৰে।


ৰাসৰ কেইদিন প্ৰতিদিনে ৰাতিপুৱা ছেনিটাইজ কৰিব লাগিব ৰাস উদযাপন থলী। স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব কোভিড-১৯ৰ নীতি-নিয়মসমূহ কাৰ্যকৰী হৈছে নে নাই নজৰ দিবলৈ। প্ৰৱেশ-প্ৰস্থান আছুতীয়া কৰিব লাগিব আৰু গেটত থাৰ্মেল স্কেনাৰেৰে পৰীক্ষা কৰিব লাগিব প্ৰতিজন লোকক । মাস্ক পিন্ধিব লাগিব ৰাস কমিটীৰ লগতে ৰাস চাবলৈ অহা লোকে। গেটত হেণ্ড ছেনিটাইজাৰ ৰাখিব লাগিব। কমিটীৰ লোকে ৰাস আৰম্ভ হোৱাৰ ৪৮ ঘন্টা আগত আৰু ৰাস শেষ হোৱাৰ পিছতো কোভিড টেষ্ট কৰিব লাগিব। মেলা,দোকান-পোহাৰ আদিৰ অনুমতি দিয়া নহ'ব ৰাসথলীত। ৰাসৰ সময়ত কি কি কোভিড-১৯ৰ নিয়ম মানিব লাগিব সেয়া লিখি বেনাৰ বনাই আঁৰিব লাগিব গেটত। ১০বছৰৰ তলৰ আৰু ৬৫ বছৰৰ ওপৰৰ কোনো ব্যক্তিক ৰাসথলীত প্ৰৱেশৰ অনুমতি দিয়া নহ'ব। কোভিড-১৯ মহামাৰীৰ পৰা হাত সাৰি থাকিবলৈ জিলা প্ৰশাসনে ৰাস কমিটীৰ লোকসকলক কোভিড-১৯ ৰ সকলো নিয়ম মানি চলিবলৈ আহ্বান জনায়।
আজিৰ সভাত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক উমেশ ফাংচু, জনস্বাস্থ্য কাৰিকৰী বিভাগ, নলবাৰীৰ কাৰ্যবাহী অভিযন্তা অৱতাৰ সিং,এপিডিচিএলৰ সহকাৰী পৰিচালক ডুলুমনি দাস আদি বিভাগীয় বিষয়াসকলো উপস্থিত থাকে।

লগতে চাওকঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত ৰাষ্ট্ৰীয় নেতাৰ শোক প্ৰকাশ

ABOUT THE AUTHOR

...view details