সাত বছৰে প্ৰাপ্য পেঞ্চনৰ পৰা বঞ্চিত শিক্ষক - পেঞ্চন
নলবাৰীৰ নাহেৰবাৰী 1নং প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষক দুলাল সৰকাৰে 1983 চনৰ পৰা বিদ্যালয় খনত শিক্ষকতা কৰি 2012 চনত আনুষ্ঠানিক ভাৱে অৱসৰ গ্ৰহণ কৰাৰ পাছত বিগত সাত বছৰে প্ৰাপ্য পেঞ্চনৰ বাবে তাঁত বাতি কাটিবলগীয়া হৈছে পেঞ্চন কাৰ্যালয়লৈ ৷
নলবাৰী, 10 চেপ্তেম্বৰঃ সাত বছৰে প্ৰাপ্য পেঞ্চনৰ পৰা বঞ্চিত অৱসৰপ্ৰাপ্ত শিক্ষক ৷ নলবাৰীৰ নাহেৰবাৰী 1 নং প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষক দুলাল সৰকাৰে 1983 চনৰ পৰা বিদ্যালয়খনত শিক্ষকতা কৰি 2012 চনত আনুষ্ঠানিক ভাৱে অৱসৰ গ্ৰহণ কৰিছিল ৷ কিন্তু অৱসৰ গ্ৰহণ কৰাৰ সাত বছৰ পাৰ হোৱাৰ পাছতো প্ৰাপ্য পেঞ্চন কেইটাৰ বাবে আজি পৰ্যন্ত তাঁত বাতি কৰিব লগীয়া হৈছে পেঞ্চন কাৰ্যালয়লৈ যাৰ বাবে আৰ্থিক সংকটত ভুগিব লগীয়া হৈছে শিক্ষক গৰাকীৰ পৰিয়াল ৷ এনে প্ৰেক্ষাপটত শিক্ষকতাৰ দৰে মহান বৃত্তিত জীৱনৰ আধাতকৈয়ো বেছি সময় অতিবাহিত কৰা শিক্ষক জনে পেঞ্চনৰ পৰা বঞ্চিত হ'ব লগা হোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সচেতন মহলৰ মাজত ৷