নলবাৰী, 28 জুন : পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী । বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাৰ ছত্ৰছায়াত সংঘটিত হৈছে এই কেলেংকাৰী । এই অভিযোগ নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মনৰ । শনিবাৰে নলবাৰীৰ জয়মঙলাত এখন সংবাদমেলত দিগন্ত বৰ্মনে তথ্য সহকাৰে উদঙাই দিয়ে এই বিয়াগোম কেলেংকাৰী ।
নলবাৰীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ব্যাপক কেলেঙ্কাৰী দিগন্ত বৰ্মনে অভিযোগ উত্থাপন কৰি কয় যে ব্ৰহ্মপুত্ৰৰ মাজত কৃষি বান্ধ দিয়াৰ নামত ৭ কোটি ৭৬ লাখ ২০ হাজাৰ টকা জালিয়াতিৰে আত্মসাৎ কৰা হৈছে । নদীৰ বুকুত কেনেকৈ কৃষি বান্ধ নিৰ্মাণ কৰাৰ আঁচনি গ্ৰহণ কৰিলে সেয়াহে ডাঙৰ কথা বুলিও ব্যক্ত কৰে দিগন্ত বৰ্মনে । একেদৰে এখন আঁচনিৰ বিপৰীতে দুখন পঞ্চায়তৰ পৰা ধন সৰকোৱাৰ লগতে হাজাৰ হাজাৰ ভুৱা জবকাৰ্ডৰ জৰিয়তে কোটি কোটি টকা জালিয়াতিৰে আত্মসাৎ কৰিছে বুলিও অভিযোগ উত্থাপন কৰে বৰ্মনে ।
আনহাতে মুকালমুৱা আৰক্ষী থানাৰ লগতে শিয়ালমাৰী আৰক্ষী থানাতো এনৰেগাৰ দুৰ্নীতি সম্পৰ্কে কেইবাটাও গোচৰ ৰুজু কৰা হৈছে যদিও বৰ্তমান পৰ্যন্ত কোনো এটা অভিযোগৰে তদন্ত কৰা নহ'ল বুলিও তথ্য সহকাৰে উল্লেখ কৰে নলবাৰী জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । বৰ্মনে সংবাদমেলত অকল কুৰিহামাৰি চৰতে ১,৮০০ ভুৱা জবকাৰ্ড আছে বুলিও অভিযোগ উত্থাপন কৰে । আনহাতে বৰক্ষেত্ৰী ব্ল'কত কাৰ অনুগ্ৰহত কোটি কোটি টকাৰ অনুমোদন কৰা হৈছে বুলিও প্ৰশ্ন উত্থাপন কৰে দিগন্ত বৰ্মনে । তেওঁ লগতে চি এচ পিসমূহৰ জৰিয়তে এই কেলেঙ্কাৰী সংঘটিত কৰি আঁচনিৰ ধন আত্মসাৎ কৰা বুলি সংবাদমেলত দাবী কৰে । বিধায়ক নাৰায়ণ ডেকাৰ ছত্ৰছায়াত সোনাবৰ আলি নামৰ এগৰাকী বিজেপিৰ পালিনেতাই বৰক্ষেত্ৰীত উঠি ৰজা বহি ৰজা হৈ এই দুৰ্নীতি সংঘটিত কৰা বুলিও অভিযোগ কৰে নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মনে ।
লগতে পঢ়ক: বুঢ়ীদিহিঙৰ জলপৃষ্ঠই ভাবুকি কঢ়িয়াইছে নাহৰকটীয়াৰ জাগুনলৈ