অসম

assam

ETV Bharat / state

Nalbari mukoli bihu: নলবাৰীত মুকলি বিহু উদ্বোধন কৰি সকলোকে দৈনিক যোগাভ্যাস কৰাৰ আহ্বান সৰ্বানন্দ সোণোৱালৰ - বৰ আজাৰা সাৰ্বজনীন ৰঙালী বিহু

নলবাৰীৰ বৰআজাৰা-চান্দকুছি বাসন্তী মন্দিৰ প্ৰাংগণত উদযাপিত ৰঙালী বিহুত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । বৰআজাৰা সাৰ্বজনীন ৰঙালী বিহুৰ মুকলি বিহু উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে (Sarbananda Sonowal inaugurates Nalbari mukoli bihu)।

nalbari mukoli bihu
ৰঙালী বিহুত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

By

Published : Apr 21, 2023, 9:05 PM IST

ৰঙালী বিহুত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

নলবাৰী, ২১ এপ্ৰিল : বৃহস্পতিবাৰে নিশা নলবাৰীত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ নিজগাঁও চান্দকুছি বৰ আজাৰাত অনুষ্ঠিত কৰা সাৰ্বজনীন ৰঙালী বিহুত উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal visits Nalbari ) । কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ।

বৰ আজাৰা সাৰ্বজনীন ৰঙালী বিহু আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal inaugurates Nalbari mukoli bihu) । প্ৰতিকূল বতৰৰ মাজতে ৰঙালী বিহু উদ্বোধন কৰি সৰ্বানন্দ সোণোৱালে কয় যে, বিহু প্ৰকৃতিৰ লগত জড়িত । সেই হেতু সকলোৱেই প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধাশীল হ’ব লাগে । কৃষিজীৱী অসমীয়াৰ এটাই হৈছে অতিকে মৰমৰ উৎসৱ আৰু সেইটোৱেই হ’ল বিহু ৷

ইপিনে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি বিহুৱে বিশ্বাভিমুখী গতি কৰাটো প্ৰতিজন অসমীয়াৰে বাবে গৌৰৱৰ বিষয় বুলি কয় সৰ্বানন্দ সোণোৱালে । বিজেপি কৰ্মীৰ অসন্তোষ আৰু এইমছৰ উদ্বোধনী অনুষ্ঠানত সৰ্বানন্দ সোণোৱালৰ অনুপস্থিতি সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰ কৌশলেৰে অন্য দিশলৈ লৈ যায় সৰ্বানন্দ সোণোৱালে । অসম তথা অসমীয়াৰ স্বাৰ্থ আৰু উন্নয়ন আগত ৰাজনীতি পিছত বুলি সৰ্বানন্দ সোণোৱালে মন্তব্য কৰে যদিও আজিৰ এই বিহুৰ অনুষ্ঠানে ৰাজনীতিৰে অন্য এক দিশ উন্মোচিত কৰাহে পৰিলক্ষিত হয় ।

উক্ত মুকলি বিহুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ মন্ত্ৰী তথা স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱা অনুপস্থিত থকাৰ বিপৰীতে সৰ্বানন্দ সোণোৱাল পন্থী বুলি পৰিচিত চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতি লক্ষ্যণীয় । ইপিনে ভাষণ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে পোনতে সমূহ অসমবাসীক ৰঙালী বিহুৰ ওলগ জনায় । ৰঙালী বিহু প্ৰকৃতি আৰু কৃষকৰ । "প্ৰকৃতি প্ৰাণী আৰু পানী প্ৰাণ" প্ৰসংগেৰে ৰঙালী বিহুক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য আগঢ়ায় তেওঁ ।

সম্প্ৰীতি ঐক্যৰে বৰাক ব্ৰহ্মপুত্ৰৰ সকলো অসমবাসীয়ে ৰঙালীৰ এই পৰম্পৰা নৱ প্ৰজন্মকো অনাগত দিনবোৰত শিকাই থৈ যাবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে । বিহুতলীত আনন্দমনেৰে উপস্থিত হৈ নলবাৰী আৰু নলবাৰীৰ ৰাসক লৈ মন্তব্য কৰি শলাগেৰে উপচাই পেলাই সমূহ নলবাৰীবাসীক সৰ্বানন্দ সোণোৱালে (Nalbari mukoli bihu) ।

লগতে পঢ়ক :Rangali Bihu 2023: ডেকাৰ চাকচনিৰ লহৰত ওৰে ৰাতি নাচিলে মৰাণ গাভৰুৱে

ABOUT THE AUTHOR

...view details