নলবাৰী, 19 ডিচেম্বৰ :শনিবাৰে নলবাৰীত অসমীয়া সাহিত্যৰ অন্যতম গল্পকাৰ, গৱেষণা অধ্যয়নৰ মাৰ্গনিৰ্দেশক, শিক্ষাবিদ, সমাজ নিৰ্মাতা আৰু অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক শৰৎ চন্দ্ৰ গোস্বামীৰ স্মৃতি দিৱস পালন কৰা হয় ৷ নলবাৰী জিলা সাহিত্য সভাৰ সৌজন্যত আৰু নন্দন শাখা সাহিত্য সভাৰ উদ্যোগত উদযাপন কৰা হয় স্মৃতি দিৱস ৷ নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয় প্ৰাংগনত অনুষ্ঠিত স্মৃতি দিৱসৰ আৰম্ভণিতে শৰৎ চন্দ্ৰ গোস্বামীৰ আৱক্ষ মূৰ্তিত মাল্যাৰ্পন কৰে অসম সাহিত্য সভাৰ ৰামধেনু উপ-সমিতিৰ আহ্বায়ক মহম্মদ মানিক আহমেদে ৷ শৰৎ চন্দ্ৰ গোস্বামীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী মুকুল গোস্বামীয়ে আৰু মাল্যাৰ্পন কৰে নন্দন শাখা সাহিত্য সভাৰ উপ-সভাপতি ড৹ ৰীতামণি দাসে ৷
নলবাৰীত শৰৎ চন্দ্ৰ গোস্বামীৰ স্মৃতি দিৱস পালন - অসমীয়া সাহিত্যৰ অন্যতম পুৰোধা ব্যক্তি শৰৎ চন্দ্ৰ গোস্বামী
নলবাৰী জিলা সাহিত্য সভাৰ সৌজন্যত আৰু নন্দন শাখা সাহিত্য সভাৰ উদ্যোগত শনিবাৰে নলবাৰীত অসমীয়া সাহিত্যৰ অন্যতম পুৰোধা ব্যক্তি শৰৎ চন্দ্ৰ গোস্বামীৰ স্মৃতি দিৱস পালন কৰা হয় ৷
পৰৱৰ্তী সময়ত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ আৰু গ্ৰন্থ উন্মোচনী সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ উমেশ ডেকা, অসম সাহিত্য সভাৰ মুখপাত্ৰ ড৹ সঞ্জীৱ শৰ্মা, পত্ৰিকা সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মা, সাংগঠনিক সম্পাদক গোবিন্দ কলিতা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ড৹ বিপিন কলিতাকে ধৰি কেইবাগৰাকীও বিশিষ্ঠ ব্যক্তি উপস্থিত থাকে ৷ নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই আঁত ধৰা সভাত শিক্ষাব্ৰতী হিমানী দেৱীৰ "আইনা" শীৰ্ষক এখন কাব্যগ্ৰন্থও উন্মোচন কৰা হয় ৷
লগতে পঢ়ক:২৭ নং কাকী তিৱা পৰিষদীয় সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী বিজুমণি বৰদলৈৰ জয়লাভ