নলবাৰী, 9 জুনঃ এবছৰতে জৰাজীৰ্ণ হ'ল বিজেপি নেতাৰ আশীৰ্বাদপুষ্ট ঠিকাদাৰে বনোৱা পথৰ অৱস্থা ৷ নলবাৰীৰ বৰকুৰাৰ পৰা গোপাল বজাৰ হৈ ইণ্ডাষ্ট্ৰী চ'ক সংযোগী পথচোৱাত নিৰ্মাণত সংঘটিত হয় বহু টকাৰ দূৰ্নীতি ৷
এবছৰতেই জৰাজীৰ্ণ হ'ল কোটিটকীয়া পথ - NAlbari
চহৰখনৰ বৰকুৰাৰ পৰা গোপাল বজাৰ হৈ ইণ্ডাষ্ট্ৰী চ’ক সংযোগী পথটোৰ নিৰ্মাণত সংঘটিত হৈছিল বহু টকাৰ দূৰ্নীতি ৷ বিধায়ক অশোক শৰ্মাৰ ঘনিষ্ঠ হোৱাৰ বাবেই ঠিকাদাৰ জ্যোতিপ্ৰসাদ বৈশ্যই পথচোৱাৰ নিৰ্মাণত সংঘটিত কৰিছিল অবাধ দূৰ্নীতি ৷ যাৰ বাবে এতিয়া পথচোৱাৰ অৱস্থাই জীয়াতু ভোগাইছে স্থানীয় ৰাইজক ৷
এবছৰতেই জৰাজীৰ্ণ হ'ল কোটিটকীয়া পথ
অধিক পঢ়কঃ উপ নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ
বিধায়ক অশোক শৰ্মাৰ আশীৰ্বাদপুষ্ট ঠিকাদাৰ জ্যোতিপ্ৰসাদ বৈশ্যই সংঘটিত কৰে এই অনিয়ম ৷ কোটি টকাৰে নিৰ্মাণ কৰা পথছোৱা মুকলিৰ এবছৰ পাছতে জহি-খহি যোৱাৰ লগতে বিভিন্ন ঠাইত সৃষ্টি হৈছে পুখুৰীসদৃশ গাঁতৰ ৷ প্ৰশ্ন হয় দূৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা নীতি ঘোষণা কৰা সৰ্বানন্দ চৰকাৰে এইবোৰ বিষয় দেখিও নেদেখে নেকি? গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ৷