অসম

assam

ETV Bharat / state

নলবাৰীত 'সুৰক্ষিত বাট জীৱন জিন্দাবাদ' ৰূপায়ণ - প্ৰাক্তন ছাত্ৰ ভাৰতী

পথ সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে শংকৰদেৱ শিশু/বিদ্যা নিকেতন নলবাৰীৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ বিশেষ পদক্ষেপ ৷ ৰাইজক সজাগ কৰাৰ বাবে নলবাৰী চহৰৰ বিভিন্ন স্থানত প্ৰাক্তন ছাত্ৰ ভাৰতীৰ তৰফৰ পৰা গোহাৰি বিতৰণ ৷ প্ৰতিজন নাগৰিককে পথ সম্পৰ্কীয় নীতি-নিয়ম মানি চলাৰ লগতে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান ৷

programme to create awareness on road safety in nalbari etv bharat news
শংকৰদেৱ শিশু/বিদ্যা নিকেতন নলবাৰীৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ বিশেষ পদক্ষেপ

By

Published : Apr 4, 2021, 11:54 AM IST

নিউজ ডেস্ক,4 এপ্ৰিল: পথ সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লক্ষ্যৰে নলবাৰীৰ শংকৰদেৱ শিশু/বিদ্যা নিকেতনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ বিশেষ পদক্ষেপ গ্ৰহণ ৷ প্ৰত্যেক বছৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগত গ্ৰহণ কৰি অহা বিভিন্ন কাৰ্যসূচীৰ অংশ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ পথ সুৰক্ষাৰ লগতে দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে প্ৰাক্তন ছাত্ৰ ভাৰতীয়ে 'সুৰক্ষিত বাট জীৱন জিন্দাবাদ' শীৰ্ষক এই বিশেষ পদক্ষেপ গ্ৰহণ কৰে ৷

শংকৰদেৱ শিশু/বিদ্যা নিকেতন নলবাৰীৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ বিশেষ পদক্ষেপ

বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ভাৰতীৰ সদস্যসকলে ৰাইজক পথ সুৰক্ষাৰ প্ৰতি সজাগ কৰাৰ উদ্দেশ্যে চহৰখনৰ বিভিন্ন স্থানত গোহাৰি বিতৰণ কৰে ৷ এই বিশেষ পদক্ষেপৰ জৰিয়তে প্ৰাক্তন ছাত্ৰ ভাৰতীৰ তৰফৰ পৰা প্ৰতিজন নাগৰিককে পথৰ সকলো নীতি নিয়ম মানি, সাৱধানতা অৱলম্বন কৰি যান-বাহন চলোৱাৰ উদ্দেশ্যে এক আহ্বান জনোৱা হয় ৷ উক্ত কাৰ্যসূচীত বিদ্যলয়খনৰ পৰা উত্তীৰ্ণ হৈ যোৱা বহু ন-পুৰণি ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক:ফৰেণচিক পৰীক্ষাগাৰলৈ প্ৰেৰণ মন্ত্ৰী পীযুষৰ ম’বাইল

ABOUT THE AUTHOR

...view details