অসম

assam

ETV Bharat / state

ৰাজ্যত অব্যাহত ছিণ্ডিকেটৰাজ আৰু গুণ্ডাকৰ ! - স্মাৰক পত্ৰ

ৰাজ্যত অব্যাহত আছে ছিণ্ডিকেটৰাজ আৰু গুণ্ডাকৰ ৷ এই অভিযোগ হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ ৷ সোমবাৰে নলবাৰী জিলা প্ৰেছ ক্লাবত এখন সংবাদমেল আয়োজন কৰি হিন্দু যুৱ-ছাত্ৰ পৰিষদে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক শীঘ্ৰে ছিণ্ডিকেটৰ বিৰুদ্ধে অভিযান চলাই দোষীক কৰায়ত্ত কৰি উচিত শাস্তি বিহিবলৈ আহ্বান জনায় ৷

press-meet-by-hindu-yuva-parishad-in-nalbari
ৰাজ্যত অব্যাহত ছিণ্ডিকেটৰাজ আৰু গুণ্ডাকৰঃহিন্দু যুৱ ছাত্ৰ পৰিষদ

By

Published : Feb 8, 2021, 8:51 PM IST

নলবাৰী,8 ফেব্ৰুৱাৰী:ৰাজ্যত চলি থকা ছিণ্ডিকেট আৰু গুণ্ডাকৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে হিন্দু যুৱ-ছাত্ৰ পৰিষদ ৷ সোমবাৰে নলবাৰী জিলা প্ৰেছ ক্লাবত এখন সংবাদমেল আয়োজন কৰি হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মাধৱ দাসে কয় যে, ৰাজ্যত ব্যাপক ৰূপত ছিণ্ডিকেট আৰু গুণ্ডাকৰ চলিছে ৷ এই ছিণ্ডিকেট সমূহ বন্ধ কৰি তদন্তৰ জৰিয়তে দোষীক চিনাক্ত কৰি উপযুক্ত শাস্তি প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰৰ জৰিয়তে বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো এইপৰ্যন্ত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে ৰাজ্য চৰকাৰে ৷

ৰাজ্যত অব্যাহত ছিণ্ডিকেটৰাজ আৰু গুণ্ডাকৰঃহিন্দু যুৱ ছাত্ৰ পৰিষদ

সংগঠনটোৰ অভিযোগ, মুখ্যমন্ত্ৰীয়ে দুৰ্নীতি-অনিয়মক কঠোৰ হাতেৰে দমন কৰাৰ চেষ্টা অব্যাহত ৰাখিবলৈ চেষ্টা কৰি থকাৰ স্বত্ত্বেও পুনৰ শ শ কয়লা ভৰ্তি ট্ৰাক ভূৱা চালানেৰে মুকলিকৈ ৰাজ্যত পূৰ্ণ পৰ্যায়ত চলি আছে ৷ এই ট্ৰাকসমূহে ব্ৰহ্মদেশৰ পৰা মিজোৰামৰ ৱাৰেণ্টি গেট হৈ শিলচৰ-মেঘালয় হৈ গুৱাহাটীৰ পৰা শ্ৰীৰামপুৰ গেট পাৰ হয় ৷ এই পথচোৱা পাৰ কৰি দিয়াৰ বাবদ এচাম দুষ্টচক্ৰই গঢ়ি তুলিছে বৃহৎ ছিণ্ডিকেট আৰু গুণ্ডাকৰৰ জাল ৷

তদুপৰি সংগঠনটোৰ নেতৃত্বই কয় যে, প্ৰতিখন ট্ৰাকে এই পথচোৱা পাৰ হ'বলৈ গুণ্ডাকৰ হিচাপে ছিণ্ডিকেট চক্ৰটোক দিব লাগে 4 লাখ পৰ্যন্ত টকা ৷ আনহাতে, হিন্দু যুৱ ছাত্ৰ পৰিষদে সোমবাৰে প্ৰেছ বিবৃতিৰ জৰিয়তে শীঘ্ৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক পুনৰ ছিণ্ডিকেটৰ বিৰুদ্ধে অভিযান চলাই দোষীক কৰায়ত্ত কৰি উচিত শাস্তি বিহিবলৈ আহ্বান জনায় ৷ অন্যথা ১৫ ফেব্ৰুৱাৰীৰ পৰা সমগ্ৰ ৰাজ্যজুৰি হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমে ব্যাপক আন্দোলনৰ কাৰ্য্যসূচী চলাব বুলি হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়কঃবৰঝাৰ বিমানবন্দৰ ব্যক্তিগতকৰণৰ বিৰোধিতা এজেপিৰ

ABOUT THE AUTHOR

...view details