নলবাৰী,10 জানুৱাৰী :বিহু বুলিলেই হেঁপাহেৰে উপচি পৰে অসমীয়াৰ মন প্ৰাণ ৷ পদুলিমুখত প্ৰাণৰ ভোগালী আখলৰ চিৰা-পিঠা সান্দহেৰে উখল মাখল পৰিৱেশ ৷ ভোগালী বিহুৰ পৰম্পৰা ৰক্ষা কৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সাজি উলিওৱা হৈছে বিভিন্ন আৰ্হিৰ ভেলাঘৰ ৷ ক’ৰবাত যদি সজা হৈছে ক’ৰণা ভাইৰাছৰ আৰ্হিৰ ভেলাঘৰ কৰবাত আকৌ আন বিভিন্ন ন ন আৰ্হিৰ ভেলাঘৰ প্ৰস্তুত কৰা দেখিবলৈ পোৱা গৈছে ৷
নলবাৰীত একাংশ যুৱকে সাজি উলিয়ালে ব্যতিক্ৰমী ভেলাঘৰ । মহাপুৰুষ শংকৰদেৱৰ নৌকাযাত্ৰাৰে ধৰ্মপ্ৰচাৰ কৰা দৃশ্যৰে সাজি উলিয়াইছে এটা ভেলাঘৰ । এই ভেলাঘৰটো ত্ৰিশতকৈয়ো অধিক বাহ খৰছ কৰি সাজি উলিওৱা হৈছে । ভেলাঘৰটোত গুৰুজনা আৰু নাওৰীয়া উপস্থাপন কৰা হৈছে । গাঁওখনৰ ডেকা সকলে মিলি প্ৰায় ১৫ দিনত সাজি উলিয়াইছে এই ভেলাঘৰটো ।