নলবাৰী, 30 আগষ্ট :নলবাৰী-বাক্সা জিলাৰ সীমান্তৱৰ্তী বৰঝাৰস্থিত বৰমাৰ বিদ্যুৎ উপ সংমণ্ডলত দেওবাৰে শক্তি মন্ত্ৰী বিমল বৰা উপস্থিত হয় ৷ বিভাগীয় কাৰ্যালয়টোত উপস্থিত হৈ শক্তি মন্ত্ৰী বৰাই কাৰ্যালয়টোৰ কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰে ।
শক্তি মন্ত্ৰীৰে মত বিনিময় অনুষ্ঠানত উপস্থিত থাকে বজালীৰ জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ লগতে বিদ্যুৎ বিভাগৰ জ্যেষ্ঠ বিষয়া-কৰ্মচাৰীসকল ৷ সাংবাদিকৰে সৈতে হোৱা এক সাক্ষাৎকাৰত মন্ত্ৰী বিমল বৰাই কাৰ্যালয়টোৰ কাৰ্যত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ২০১৬ চনৰ পৰা অসমৰ বিদ্যুত বিভাগে এক নতুন দিগন্তৰ সূচনা কৰা বুলিও মত প্ৰকাশ কৰে ।