নলবাৰী, 13 জুন: বাৰিষা হ'লেই নলবাৰী(NALBARI)ৰ প্ৰায় ১০০ বছৰ পুৰণি কলীয়া গোঁসাই থানলৈ যাব নোৱাৰা হয় ভক্ত । ঐতিহ্যমণ্ডিত কলীয়া গোঁসাই থানলৈ যোৱা পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে পূজা-অৰ্চনা কৰাৰ পৰা বঞ্চিত হ'বলগীয়া হয় ৷ জন প্ৰতিনিধি তথা চৰকাৰৰ অৱহেলাৰ বাবে হাৰাশাস্তি ভূগিবলগীয়া হৈছে ১৬ নং খাতিকুছি পঞ্চায়তৰ অন্তৰ্গত ভিঠামহল অঞ্চলৰ ৰাইজে । দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজে পথচোৱা নিৰ্মাণৰ বাবে দাবী জনাই আহিছে যদিও আজিপৰ্যন্ত পথটো নিৰ্মাণ নহ'ল ।
নলবাৰীৰ কলীয়া গোঁসাই থানলৈ যোৱা পথৰ জৰাজীৰ্ণ অৱস্থা - কলীয়া গোসাঁই থান
নলবাৰীৰ ভিঠামহল অঞ্চলত থকা ঐতিহ্যমণ্ডিত কলীয়া গোঁসাই থানলৈ যোৱা পথৰ বিধ্বস্ত অৱস্থাই জ্বলা-কলা খুৱাইছে ৰাইজক । পথৰ মাজত সৃষ্টি হৈছে গাঁত । মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱা(Jayanta Malla Baruah)ক পথচোৱা নিৰ্মাণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে আছুৰ লগতে সাধাৰণ ৰাইজে ।
নলবাৰীৰ কলীয়া গোসাঁই থানলৈ যোৱা পথৰ জৰাজীৰ্ণ অৱস্থা
সেয়ে যাতায়াতৰ ক্ষেত্ৰত হাৰাশাস্তি ভগিবলগীয়া হৈছে ভিঠামহলবাসীয়ে । ইফালে পূৰ্বৰ বিধায়ক অশোক শৰ্মাক এই পথটো নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে বাৰম্বাৰ আহ্বান জনাইছিল যদিও গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে । এতিয়া নৱ নিৰ্বাচিত বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা(Jayanta Malla Baruah)ক পথচোৱা নিৰ্মাণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে আছুৰ লগতে সাধাৰণ ৰাইজে ।