অসম

assam

ETV Bharat / state

বৰক্ষেত্ৰী,ধৰ্মপুৰলৈ ৰাওনা প্ৰিজাইডিং প'লিং বিষয়া - assam news

গৰ্ডন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা অস্থায়ী কাৰ্যালয়ত ভোটগ্ৰহণৰ বাবে আৱশ্যকীয় ইলেকট্ৰনিক ভোটিং মেচিন, ভি ভি পেটৰ লগতে আন আন সামগ্ৰীসমূহ প্ৰদান কৰে প্ৰিজাইডিং আৰু প'লিং বিষয়াসকলক ৷

বৰক্ষেত্ৰী,ধৰ্মপুৰলৈ ৰাওনা প্ৰিজাইডিং প'লিং বিষয়া

By

Published : Apr 22, 2019, 5:11 PM IST

নলবাৰী, 22 এপ্ৰিলঃ নলবাৰীৰ বৰক্ষেত্ৰী আৰু ধৰ্মপুৰ বিধানসভা সমষ্টিলৈ ৰাওনা হৈছে প্ৰিজাইডিং আৰু প'লিং বিষয়াসকল ৷ ৰাজ্যত 23 এপ্ৰিল অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৬ নং বৰপেটা লোকসভা সমষ্টিৰ অধীনত ধৰ্মপুৰ বিধানসভা সমষ্টি আৰু 7 নং গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত বৰক্ষেত্ৰী বিধাসভা সমষ্টিত জিলা নিৰ্বাচনী বিষয়া ভাৰত ভূষণ দেৱ চৌধুৰীৰ নেতৃত্বত চলিছে ব্যাপক প্ৰস্তুতি ৷

বৰক্ষেত্ৰী,ধৰ্মপুৰলৈ ৰাওনা প্ৰিজাইডিং প'লিং বিষয়া

যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰে গৰ্ডন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা অস্থায়ী কাৰ্যালয়ত ভোটগ্ৰহণৰ বাবে আৱশ্যকীয় ইলেকট্ৰনিক ভোটিং মেচিন, ভি ভি পেটৰ লগতে আন আন সামগ্ৰীসমূহ প্ৰদান কৰে প্ৰিজাইডিং আৰু প'লিং বিষয়াক ৷ উল্লেখ্য যে, বৰক্ষেত্ৰী সমষ্টিত 243 টা ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত ভোটাৰৰ সংখ্যা 184339 জন৷ সমষ্টিটোৰ ভিতৰত মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ ৬ টা আৰু আদৰ্শ ভোটকেন্দ্ৰ দুটা ৷


আনহাতে, ধৰ্মপুৰ সমষ্টিত আছে 187 টা ভোট গ্ৰহণ কেন্দ্ৰ ৷ ভোটাৰৰ সংখ্যা 138751 জন ৷ সমষ্টিটোত মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ 4 টা আৰু আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ দুটা ৷

ABOUT THE AUTHOR

...view details