অসম

assam

By

Published : Apr 23, 2021, 6:37 AM IST

ETV Bharat / state

ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে নলবাৰীত মাস্ক বিতৰণ আৰক্ষীৰ

ক'ৰণাৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নলবাৰী আৰক্ষীয়ে হাতত লৈছে এক পদক্ষেপ ৷ গাঁওৰক্ষী বাহিনী আৰু নলবাৰী ইনষ্টিটিউট অৱ এলাইট হেল্থ চায়েঞ্চৰ সহযোগত বিনামূলীয়াভাৱে মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে চহৰখনত ৷

ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে নলবাৰীত মাস্ক বিতৰণ আৰক্ষীৰ
ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে নলবাৰীত মাস্ক বিতৰণ আৰক্ষীৰ

নলবাৰী,23 এপ্ৰিল:সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰীতো ভয়ংকৰ ৰূপ লৈছে মহামাৰী কৰ’ণাই ৷ ক'ৰণাৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নলবাৰী আৰক্ষীয়ে হাতত লৈছে এক বিশেষ পদক্ষেপ ৷ নলবাৰী ইনষ্টিটিউট অব এলাইট হেল্থ চায়েঞ্চৰ সহযোগত চহৰখনত নলবাৰী আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীয়ে বিনামূলীয়াভাৱে মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে ৷

ৰাজ্যৰ এই ভয়াৱহ কৰ’ণা সংক্ৰমণৰ সময়ত নলবাৰী আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ লগতে ইনষ্টিটিউট অব এলাইট হেল্থ চায়েঞ্চে গ্ৰহণ কৰা পদক্ষেপক শলাগ লৈছে সকলোৱে ৷ ইফালে, একে সময়তে আৰক্ষীয়ে মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে চহৰ খনৰ লগতে গাঁওসমূহত প্ৰচাৰ চলোৱাও পৰিলক্ষিত হয় ৷

লগতে পঢ়ক: মহামাৰীৰ প্ৰতি ৰাইজক সজাগ কৰি মাস্ক বিতৰণ আৰক্ষীৰ

ABOUT THE AUTHOR

...view details