অসম

assam

ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধিত দুৰ্নীতিঃ কংগ্ৰেছৰ এজাহাৰ দাখিল - PMKSY আঁচনি

নলবাৰীত প্ৰধানমন্ত্ৰীৰ কিষাণ সাহাৰ্য নিধিৰ তদন্তৰ বাবে এজাহাৰ দাখিল । সোমবাৰে নলবাৰী জিলা কংগ্ৰেছে দাখিল কৰে এজাহাৰ । প্ৰকৃত কৃষকৰ বিপৰীতে একাংশ বিজেপি কৰ্মীয়ে আঁচনিৰ ধন লাভ কৰিছে বুলি অভিযোগ উত্থাপন কৰিয়ে দাখিল কৰে অভিযোগ ।

নলবাৰী
নলবাৰীত প্ৰধানমন্ত্ৰীৰ কিষান সাহাৰ্য নিধিৰ তদন্তৰ দাবীৰে এজাহাৰ দাখিল

By

Published : May 11, 2020, 11:27 PM IST

নলবাৰী, ১১ মে': প্ৰধানমন্ত্ৰী কিষাণ নিধি যোজনাৰ নামত নলবাৰীত ভেকোঁভাওনা । প্ৰকৃত কৃষকৰ বিপৰীতে একাংশ বিজেপি কৰ্মীয়ে আঁচনিৰ ধন লাভ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে । উল্লেখ্য যে, নলবাৰী জিলাৰ বিভিন্ন পঞ্চায়তৰ অন্তৰ্গত গাঁৱসমূহত PMKSY আঁচনিৰ হিতাধিকাৰী বাছনি প্ৰক্ৰিয়াত বৃহৎ খেলি-মেলি হোৱাৰ অভিযোগ উত্থাপন হৈছে । কেলেংকাৰীত শাষকীয় দলৰ বহু কেইজন সদস্য জড়িত থকাৰো অভিযোগ উঠিছে । প্ৰাপ্ত অভিযোগ অনুসৰি, প্ৰকৃত কৃষকৰ বিপৰীতে বহু কেইজন চৰকাৰী চাকৰিয়ালৰ পৰিয়ালে লাভ কৰিছে ধন । তাৰ বিপৰীতে দুখীয়া প্ৰকৃত কৃষক উক্ত আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে । ৰাজ্যত এটি বিয়াগোম কৃষি বিভাগ আৰু দায়িত্বশীল বিষয়া থাকোতে কেনেকৈ কেলেংকাৰী সংঘটিত হ'ল সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে ।

নলবাৰীত প্ৰধানমন্ত্ৰীৰ কিষান সাহাৰ্য নিধিৰ তদন্তৰ দাবীৰে এজাহাৰ দাখিল

আনহাতে, সোমবাৰে নলবাৰী জিলা কংগ্ৰেছ দলৰ হৈ জিলা সাধাৰণ সম্পাদক দিব্যজ্যোতি হালৈ, জিলা যুৱ কংগ্ৰেছ দলৰ সভাপতি চন্দন কলিতাৰ লগতে এটি সজাতি দলে নলবাৰী জিলা কৃষি বিষয়াৰ বিৰুদ্ধে জিলা সদৰ থানত এখন এজাহাৰ দাখিল কৰে । ভুৱা হিতাধীকাৰি বাচনি কৰি চৰম দুৰ্নীতি আৰু অনিয়মেৰে প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰা বিষয়া কৰ্মচাৰী সকলৰ বিৰুদ্ধে উচিত তদন্ত কৰিবলৈ আহ্বান জনাই ।

অভিযোগ অনুসৰি বি জে পি দলৰ একাংশ কৰ্মীৰ এটা পৰিয়ালৰ ৪/৫ জন সদস্যই তালিকাভূক্ত হৈ ধন লাভ কৰিছে । কৃষি বিভাগ থাকোতে কেনেকৈ ইমান দুৰ্নীতি হ'বলৈ পালে বুলিও অভিযোগ উত্থাপন কৰে । অনতি পলমে উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰাৰ বাবে জিলা কংগ্ৰেছ দলে দাবী উত্থাপন কৰে ।

ABOUT THE AUTHOR

...view details