হুইল চেয়াৰতেই সপোন ৰচিছে চম্পকে নলবাৰী, 23 ডিচেম্বৰ : সপোন... সপোন আছে বাবেই আশা আছে ৷ আশা আছে বাবেই মানুহে প্ৰতিদিনে ন-ন পৰিকল্পনা কৰে ৷ আন যুৱকৰ দৰে নলবাৰীৰ এজন বিশেষভাৱে সক্ষম যুৱকৰো আছিল এটা সপোন (Physical Handicap Youth of Nalbari)৷ যুৱকজনৰ নাম চম্পক বৰ্মন ৷
আজিৰে পৰা কেইবছৰ মানৰ আগৰ কথা ৷ তেতিয়া চম্পক বৰ্মন আছিল 18 বছৰীয়া তজবজীয়া যুৱক ৷ হাতত বন্দুক তুলি লৈ দেশ মাতৃৰ সেৱা কৰাৰ দুৰ্বাৰ বাসনা আছিল চম্পকৰ ৷ সেই উদ্দেশ্যে 2008 চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈয়েই ভাৰতীয় সেনাবাহিনীৰ জোৱানৰ সাক্ষাৎকাৰত অৱতীৰ্ণ হ’বলৈ চম্পক উপস্থিত হৈছিল যোৰহাটৰ আৰক্ষী চাউনিত ৷
কিন্তু শাৰীৰিক পৰীক্ষা চলি থাকোতেই হঠাৎ চম্পকে কঁকালত আঘাত পায় ৷
কঁকালত আঘাত পোৱাৰ পাচতে চম্পকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ তাৰ পাচত এক দীঘলীয়া চিকিৎসা আৰম্ভ হয় চম্পকৰ ৷ প্ৰায় দুবছৰ ধৰি GMCH ত চিকিৎসাধীন হৈ থাকিও চম্পক সম্পূৰ্ণ সুস্থ হৈ নুঠিল ৷ শৰীৰৰ কঁকালৰ পৰা তলৰ অংশ লাহে লাহে একেবাৰে সংজ্ঞাহীন হৈ পৰে চম্পকৰ ৷ বিগত 14 বছৰে তেওঁ আৰু নিজৰ ভৰিৰৰ ওপৰত থিয় হ’ব পৰা নাই (Story of Nalbari Physical Handicap Youth)৷
লগতে পঢ়ক :Defense Ministry Team of America: যুঁজাৰু বিমানৰ ধ্বংসাৱশেষ বিচাৰি সাপেখাতিত আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ দল
নলবাৰী জিলাৰ গামাৰিমূৰীৰ ওজাপৰা চুবুৰী নিবাসী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহ-বেতৰ শিল্পী প্ৰয়াত কামিনী বৰ্মন আৰু নিলীমা বৰ্মনৰ একমাত্ৰ পুত্ৰ চম্পক বৰ্মনে এতিয়া হুইল চেয়াৰত বহিয়েই জীৱন যুঁজত অৱতীৰ্ণ হৈছে । চম্পক বৰ্মনৰ পিতৃ প্ৰয়াত কামিনী বৰ্মন আছিল এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহ-বেতৰ শিল্পী ৷
তেওঁ নতুন দিল্লী, মুম্বাই, পঞ্জাৱ, হাৰিয়ানা, গুজৰাট, তামিলনাডু, কলকাতা আদিকে ধৰি ভাৰতৰ ভিন্ন প্ৰান্তত নিজৰ শিল্পকৰ্মৰে স্ব-প্ৰতিভা দাঙি ধৰিবলৈ সক্ষম হৈছিল ৷ কেৱল ভাৰততে নহয়, চুবুৰীয়া ৰাষ্ট্ৰ ভূটান, নেপাল আৰু বাংলাদেশতো অসমৰ নাম উজলাবলৈ সক্ষম হৈছিল প্ৰয়াত কামিনী বৰ্মনে ৷
1977 চনতে “মণি বাঁহ-বেত উদ্যোগ” নামেৰে এটা উদ্যোগ খুলি শিল্প সাধনা কৰি অহা কামিনী বৰ্মনৰ বিগত 2021 চনৰ জুন মাহত আকস্মিকভাৱে মৃত্যু হয় ৷ তাৰ পাচৰে পৰা একমাত্ৰ বিশেষভাৱে সক্ষম পুত্ৰ চম্পক আৰু বিধৱা পত্নী নিলীমা বৰ্মনৰ জীৱনলৈ নামি আহে ঘোৰ অমানিশা ৷ দেউতাকৰ উদ্যোগটো জীয়াই ৰাখিবলৈ এতিয়া চম্পকে হুইল চেয়াৰত বহিয়েই কঠোৰ জীৱন সংগ্ৰাম আৰম্ভ কৰিছে (Physical Handicap Youth of Nalbari tries to keep his father’s dream alive)৷
উপায়ন্তৰ হৈ উন্নত চিকিৎসাৰ বাবে এতিয়া মুখ্যমন্ত্ৰী আৰু স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সহায় বিচাৰিছে চম্পকে ৷ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এবাৰ ওচৰৰ পৰা লগ পাব বিচাৰিছে চম্পক বৰ্মন আৰু তেওঁৰ মাতৃ নিলীমা বৰ্মনে ৷
লগতে পঢ়ক :Clown MLA: বিধানসভাত 'বহুৱা' বিচাৰি পালে বিধায়ক শ্বেৰমান আলীয়ে