অসম

assam

By

Published : Oct 28, 2020, 10:32 PM IST

ETV Bharat / state

নৃপেন্দ্ৰ মল্ল বুজৰ বৰুৱা নাৰ্ছিং হোমত উত্তপ্ত পৰিস্থিতি

নলবাৰীৰ ব্যক্তিগত নাৰ্ছিং হোমত উত্তপ্ত পৰিস্থিতি । ৰোগীক ভুল চিকিৎসা কৰাৰ ভয়ংকৰ অভিযোগ তুলি আত্মীয়ই সৃষ্টি কৰিলে উত্তপ্ত পৰিৱেশৰ ।

patient's guardians make  situation like uncontrollable at nalbari private hospital
patient's guardians make situation like uncontrollable at nalbari private hospital

নলবাৰী, 28 অক্টোবৰ : নলবাৰী চহৰৰ বৰুৱা ৰোডস্থিত নৃপেন্দ্ৰ মল্ল বৰুৱা নাৰ্ছিং হোমৰ চিকিৎসক ডঃ ৰোহণ মল্ল বৰুৱাৰ বিৰুদ্ধে ৰোগীৰ পৰিয়ালে আনিছে এক অভিযোগ । নাৰ্ছিং হোমখনত সুদীৰ্ঘ দিন ধৰি কাণৰ চিকিৎসা গ্ৰহণৰ অন্তত জিলাখনৰ মৰোৱাৰ ছায়া বৈশ্য নামৰ এইগৰাকী ছাত্ৰীৰ বিগত ফেব্ৰুৱাৰী মাহৰ এক তাৰিখে বাঁও কাণৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল । কিন্তু অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পিচতে ৰোগী ছায়া বৈশ্যৰ আত্মীয়ই চিকিৎসকে ভুলকৈ বাঁও কাণখনত অস্ত্ৰোপচাৰ কৰা বুলি চিকিৎসকৰ ওচৰ চাপে ।

বিগত ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰীগৰাকীৰ কাণৰ পুনৰ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে নাৰ্ছিং হোম কৰ্তৃপক্ষক অনুৰোধ জনোৱাৰ পিছতো আজিলৈ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে আত্মীয়ই । ৰোগীগৰাকীক লগত লৈ বুধবাৰে পুনৰ চিকিৎসক ডঃ ৰোহণমল্ল বৰুৱাৰ ওচৰ চাপে যদিও তেওঁ গুৰুত্ব নিদিয়াত ৰোগীৰ আত্মীয়ই উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে ।

নৃপেন্দ্ৰ মল্ল বুজৰ বৰুৱা নাৰ্ছিং হোমত উত্তপ্ত পৰিস্থিতি

ইফালে ৰোগীৰ পৰিয়ালে অনা এই অভিযোগক নস্যাৎ কৰিছে চিকিৎসক ডাঃ ৰোহণমল্ল বৰুৱাই । চিকিৎসক গৰাকীয়ে সংবাদ মাধ্যমক জনোৱা মতে পৰীক্ষাৰ অন্তত ছাত্ৰীগৰাকীৰ দুয়োখন কাণত ছিদ্ৰ ধৰা পৰাৰ লগতে বাঁও কাণখনত অধিক সমস্যা হোৱা বুলি তেওঁ নিশ্চিত হোৱাত পৰিয়ালৰ সন্মতিসাপেক্ষে বাঁও হাতৰ কাণৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ তদন্তৰ অন্ততহে এই ঘটনাৰ প্ৰকৃত সত্য জানিব পৰা যাব ৷

লগতে পঢ়ক : বৰ্তমানো ভেন্টিলেশ্যনত অভিনেতা সৌমিত্ৰ চেতাৰ্জী

ABOUT THE AUTHOR

...view details