অসম

assam

ETV Bharat / state

জীৱন যুঁজত হাৰ মানিব নিবিচৰা এগৰাকী বৃদ্ধা

জীৱন যুঁজত হাৰ মানিব নিবিচৰা এগৰাকী বৃদ্ধা ৷ নামঃ পাৰ্বতী কলিতা ৷ প্ৰলয়ংকাৰী বানে উটুৱাই নিছিল বৃদ্ধাগৰাকীৰ স্বামীক ৷ এখন সৰু চাহ-পিঠাৰ দোকানেৰে বিগত 16 বছৰ পৰিয়াল চলাই গৈছে বৃদ্ধাগৰাকীয়ে ৷

By

Published : Oct 17, 2019, 10:29 PM IST

পাৰ্বতী কলিতা

নলবাৰী, 17 অক্টোবৰঃজীৱন যুঁজত হাৰ মানিব নিবিচৰা এগৰাকী বৃদ্ধা ৷ নাম পাৰ্বতী কলিতা ৷ 2003 চনৰ প্ৰলয়ংকৰী বানত স্বামীক হেৰুৱাইছিল বৃদ্ধাগৰাকীয়ে ৷ আৰু তাৰ পাচতেই আৰম্ভ হৈছিল জীৱন সংগ্ৰাম ৷ বিগত 16 বছৰ ধৰি এখন সৰু চাহ-পিঠাৰ দোকানেৰে নিজৰ লগতে পৰিয়ালক পোহ-পাল দিছে বৃদ্ধাগৰাকীয়ে ৷ দোকানখনৰেই ৫ গৰাকী কন্যাৰ মাতৃ এইগৰাকী বৃদ্ধাই ৪ গৰাকী কন্যাক ইতিমধ্যে বিয়া দিছে ৷

জীৱন যুঁজত হাৰ মানিব নিবিচৰা এগৰাকী বৃদ্ধা

এতিয়াও পাৰ্বতী কলিতাৰ শিৰত দগমগাই আছে জোন যেন সেন্দুৰৰ ফোঁট ৷ 2003 চনৰ প্ৰলয়ংকাৰী বানত স্বামীক হেৰুৱাইছিল বৃদ্ধাগৰাকীয়ে ৷ তেতিয়াৰে পৰা আজিকোপতি স্বামীৰ কোনো খবৰ নাহিল তেওঁলৈ ৷ স্বামী মৃত নে জীৱিত সেয়াও জ্ঞাত নহয় পাৰ্বতী কলিতা ৷ তথাপিও যেন আশাৰে বাট চাই আছে স্বামীলৈ ৷

ABOUT THE AUTHOR

...view details