নলবাৰী,১ ছেপ্তেম্বৰ :সামাজিক বনানীকৰণ আঁচনিৰ অধীনত নলবাৰীত গছ পুলি ৰোপণৰ অভিলাষী আঁচনি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ (NHAI) । নলবাৰী সদৰ সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাৰ (Jayanta Malla Baruah) উদ্যোগত এই বিশেষ গছ পুলি ৰোপণ কাৰ্যসূচীৰ আয়োজন কৰা হয় । এই বিশেষ আঁচনিৰ জৰিয়তে নলবাৰীৰ মাজেৰে পাৰ হৈ যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ৰোপণ কৰা হ'ব দহ হাজাৰ গছ পুলি ।
৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে বিলপাৰৰ পৰা বানেকুছিলৈ ৰোপণ কৰা হ'ব এই গছপুলি । বকুল, এজাৰ, কৃষ্ণচূড়া, পলাশকে ধৰি শোভা বৰ্ধনকাৰী গছ পুলি ৰোপণ কৰা হ'ব ঘাইপথৰ দুয়োকাষে । এই গছ পুলি সমূহৰ প্ৰতিপালনৰ বাবে নিয়োগ কৰা হ'ব একোগৰাকী স্বেচ্ছাসেৱক ।