অসম

assam

ETV Bharat / state

নলবাৰীত ক’ভিড আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে শতকৰ ঘৰ

নলবাৰীত বুধবাৰে পুনৰ 29 গৰাকীৰ দেহত ধৰা পৰিছে ক’ভিড-19ৰ অৱস্থিতি । বৰ্তমানলৈ জিলাখনত কৰ’ণা আক্ৰান্তৰ সংখ্যা মুঠ 141 গৰাকীলৈ বৃদ্ধি পায় ।

By

Published : Apr 22, 2021, 2:13 PM IST

ক’ভিডৰ দ্বিতীয় লহৰত শতকৰ ঘৰ অতিক্ৰম কৰিলে নলবাৰীত
ক’ভিডৰ দ্বিতীয় লহৰত শতকৰ ঘৰ অতিক্ৰম কৰিলে নলবাৰীত

নলবাৰী, 22 এপ্ৰিল : ক’ৰণাৰ দ্বিতীয়তো লহৰে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো অতিক্ৰম কৰিলে শতকৰ ঘৰ । প্ৰতিদিনে বৃদ্ধি কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ নলবাৰীত বুধবাৰে পুনৰ 29 গৰাকীৰ দেহত ধৰা পৰিছে ক’ভিড 19ৰ অৱস্থিতি । বৰ্তমানলৈ নলবাৰী জিলাত কৰ’ণাত আক্ৰান্তৰ সংখ্যা মুঠ 141 গৰাকীলৈ বৃদ্ধি পায় । জানিব পৰা মতে, আক্ৰান্ত 128 গৰাকী ৰোগী হোম আইচ’লেচনত আছে ।

ক’ভিডৰ দ্বিতীয় লহৰত শতকৰ ঘৰ অতিক্ৰম কৰিলে নলবাৰীত

উল্লেখ্য যে, ৰাজ্য চৰকাৰে কৰ’ণা প্ৰতিৰোধৰ বাবে কেতবোৰ নীতি-নিৰ্দেশনা বান্ধি দিয়ে ৷ এই নিৰ্দেশনা অনুসৰি ৰাজহুৱা অনুষ্ঠানত সামাজিক দূৰত্ব মানি চলি মাস্ক পিন্ধিবলৈ কোৱাৰ উপৰিও সকলো ধৰণৰ বাণিজ্যক প্ৰতিষ্ঠানসমূহ সন্ধিয়া ৬ বজাৰ পৰা বন্ধ কৰাটো বাধ্যতামূলক বুলি নিৰ্দেশ দিয়ে ৷ প্ৰশাসনে বান্ধি দিয়া নিয়ম অনুসৰি সন্ধিয়া 6 বজাৰ পৰা নলবাৰীত সকলো দোকান পোহাৰ বন্ধ হয় যদিও একাংশই মাস্ক পৰিধান কৰা পৰিলক্ষিত হোৱা নাই ।

লগতে পঢ়ক : নাৰায়ণপুৰত ক'ভিড ভেকচিন প্ৰদানত অনিয়মৰ অভিযোগ

ABOUT THE AUTHOR

...view details