নলবাৰী,8 মে’: ক’ভিডৰ দ্বিতীয় লহৰত সমগ্ৰ ৰাজ্য়ৰ লগতে নলবাৰীতো ক’ভিড-19 ত আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ সম্প্ৰতি নলবাৰীত বৰ্ষত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা 1,982 গৰাকীলৈ বৃদ্ধি পাইছে ৷ ইয়াৰে শুকুৰবাৰৰ দিনটোত 174 গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে জিলাখনত বৰ্তমানলৈ 1,435 গৰাকী ক’ভিড-19 ত আক্ৰান্ত হৈ আছে । ইফালে জিলাখনত 1,291 গৰাকী ৰোগীক হোম আইচলেচনত ৰখা হৈছে ।
নলবাৰীত নতুনকৈ 174 গৰাকী কৰ’ণা আক্ৰান্ত চিনাক্ত - RTPCR test at nalbari
ক’ভিডৰ দ্বিতীয় লহৰত বৰ্তমানলৈ নলবাৰীত কৰ’ণা আক্ৰান্তৰ সংখ্যা হৈছে 1,982 গৰাকী ৷ শুকুৰবাৰৰ দিনটোত 174 গৰাকীৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰিছে । সম্প্ৰতি জিলাখনত 1,435 গৰাকী ক’ভিড-19 ত আক্ৰান্ত হৈ আছে ।
নলবাৰীত নতুনকৈ 174 গৰাকী কৰ’ণা আক্ৰান্ত চিনাক্ত
জিলা স্বাস্থ্য বিভাগৰ তথ্যত প্ৰকাশ কৰা অনুসৰি, নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 72 গৰাকী ক’ভিড ৰোগী চিকিৎসাধীন হোৱাৰ বিপৰীতে 34 গৰাকী ৰোগী বেলশৰ ম’ডেল হাস্পতাল আৰু মাখিবাহা ম’ডেল হাস্পতালত 6 গৰাকী চিকিৎসাধীন হৈ আছে ৷ আনহাতে, জিলাখনৰ বিভিন্ন ক’ভিড পৰীক্ষা কেন্দ্ৰত 154 গৰাকী লোকৰ ৰেপিড পৰীক্ষা কৰাৰ লগতে 20 গৰাকী লোকৰ আৰটিপিচিআৰ পৰীক্ষা সম্পন্ন কৰা হৈছে ৷
লগতে পঢ়ক: চিৰাঙত 150 গৰাকী লোকক প্ৰদান ক'ভিড ভেকচিন