ধিঙৰ নৱোদয় বিদ্যালয়ত এনচিচি প্ৰশিক্ষণ শিবিৰ - অসম নিউজ
প্ৰশিক্ষণৰ জৰিয়তে এজন সুনাগৰিক আৰু ভৱিষ্যতে দেশ ৰক্ষাৰ বাবে যাতে এজন উপযুক্ত সৈনিক হিচাপে ছাত্ৰ-ছাত্ৰীসকলক গঢ়ি তুলিব পাৰি তাৰেই উদ্দেশ্যেৰেই এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে বুলি মন্তব্য কৰে এনচিচিৰ বিষয়াসকলে ৷
জৱাহাৰ নবোদয় বিদ্যালয়
নগাঁও, 5 মে': ধিঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ত 10 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে এনচিচিৰ প্ৰশিক্ষণ শিবিৰ ৷ বিগত 2 মে' ৰ পৰা আৰম্ভ হোৱা শিবিৰত আংশগ্ৰহণ কৰিছে অসম আৰু অৰুণাচলৰ 556 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৷ বিভিন্ন শাৰীৰিক অনুশীলনৰ লগতে যোগ আদিৰ প্ৰশিক্ষণৰ জৰিয়তে এজন সুনাগৰিক আৰু ভৱিষ্যতে দেশ ৰক্ষাৰ বাবে যাতে এজন উপযুক্ত সৈনিক হিচাপে ছাত্ৰ-ছাত্ৰীসকলক গঢ়ি তুলিব পাৰি তাৰেই উদ্দেশ্যেৰেই এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে বুলি মন্তব্য কৰে এনচিচিৰ বিষয়াসকলে ৷