অসম

assam

By

Published : May 15, 2022, 3:54 PM IST

ETV Bharat / state

কৃত্ৰিম বানত বুৰিল নলবাৰী চহৰ: একাঠু পানীৰ তলত জয়ন্ত মল্ল বৰুৱাৰ সপোনৰ নলবাৰী

ধোৱাচাঙত পৰিনত হ’ল নলবাৰীক লৈ সপোন দেখা বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ নলবাৰী । মুষলধাৰ বৰষুনত বুৰ গ'ল সমগ্ৰ নলবাৰী চহৰ (Nalbari town drowned in rain) । কৃত্ৰিম বানত ককবকাইছে নলবাৰী চহৰৰ বাসিন্দাই (Artificial flood in Nalbari) ।

nalbari-town-drowns-in-artificial-flood
কৃত্তিম বানত বুৰিল নলবাৰী চহৰ: একাঠু পানীৰ তলত জয়ন্ত মল্ল বৰুৱাৰ সপোনৰ নলবাৰী

নলবাৰী,১৫ মে':এজাক বৰষুণতে স্তব্ধ হ’ল নলবাৰী চহৰ (Nalbari town drowned in rain) ৷ সততে নলবাৰী চহৰক কৃত্ৰিম বানপানীৰ পৰা মুক্ত কৰি দিয়া হ’ব বুলি কৰা ঘোষণা নেতাৰ আশ্বাসক অসাৰ প্ৰতিপন্ন হ’ল ৷ আনকি চহৰখনত পৰিকল্পনা বিহীনভাৱে উন্নয়ন কৰা নলবাৰী পৌৰসভাৰ কাৰ্যালয়ৰ সম্মুখতো দেখা গ’ল একাঠু পানী ৷ শনিবাৰে নিশা অহা এজাক বৰষুণৰ ফলত সৃষ্টি হোৱা এই পৰিবেশে শংকিত কৰি তুলিছে নলবাৰী চহৰৰ ব্যৱসায়ীক প্ৰতিষ্ঠান তথা সাধৰণ পথচাৰী সকলক ৷

কৃত্তিম বানত বুৰিল নলবাৰী চহৰ: একাঠু পানীৰ তলত জয়ন্ত মল্ল বৰুৱাৰ সপোনৰ নলবাৰী

এই কৃত্ৰিম বানক লৈ কিমান গুৰুত্ব প্ৰদান কৰিছে শাসকীয় দল বিজেপিয়ে, সেই লৈয়ো উঠিছে প্ৰশ্ন (Artificial flood in Nalbari) । কৃত্ৰিম বানে বছৰে বছৰে জলা-কলা খুৱাই আহিছে নলবাৰী চহৰ বাসীক । বিগত সময়ৰ দৰে এইবাৰে পথ উপপথৰ চৌদিশে কেৱল পানী আৰু পানী । নলবাৰী চহৰৰ মুখ্য পথসমূহৰ ভিতৰত পিএন চি পথ,পল্লা ৰোড,হাজো ৰোড,কলেজ ৰোড,দেৱীৰাম পথকে ধৰি প্ৰায়সমূহ পথতে কেৱল পানী আৰু পানী ।

নলা নৰ্দমা নে পথ এতিয়া ধৰিৱ নোৱাৰা এক পৰিৱেশ । নলবাৰী পৌৰসভাৰ কাৰ্য্যলয়ো এতিয়া পানীৰ তলত । পানীৰে উপচি পৰে কাৰ্য্যালয়টোৰ সন্মুখ ভাগ । আনহাতে কৃত্ৰিম বানৰ ফলত ব্যৱসায়িক প্ৰতিষ্ঠান দোকানত পানী সোমোৱা পৰিলক্ষিত হৈছে ।

যাৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে পথচাৰীৰ লগতে চহৰৰ বাসিন্দাসকলৰ । আনহাতে নলবাৰী পৌৰসভাৰ অকমণ্যতাৰ বাবে এইদৰেই যমৰ যাতানা ভুগিৱ লগা হৈছে অভিযোগ উত্থাপন কৰিছে সকলোৱে । শীঘ্ৰেই এই সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰিছে চহৰখনৰ বাসিন্দাই ।

লগতে পঢ়ক:Cattle smuggling in Assam : বিহালী জব্দ গৰুভৰ্তি 12 চকীয়া বাহন

ABOUT THE AUTHOR

...view details