অসম

assam

৯২ বছৰীয়া এগৰাকী মৃৎশিল্পীৰ কৰ্মৰাজিৰ অৱলোকন

নলবাৰীৰ ৯২ বছৰীয়া এগৰাকী মৃৎশিল্পী ৷ বয়সে গৰকা শিল্পী উমেশ চন্দ্ৰ ভাগৱতীৰ মৃৎশিল্প আৰু কণ্ঠৰ যাদুত মন্ত্ৰমুগ্ধ নলবাৰীবাসী ৷ ইটিভি ভাৰতে দাঙি কৰিছে তেওঁক কৰ্মৰাজিৰ কিছু অৱলোকন...

By

Published : Jul 28, 2020, 1:08 PM IST

Published : Jul 28, 2020, 1:08 PM IST

Nalbari
মৃৎশিল্পী

নলবাৰী, 27 জুলাই :বয়সে গৰকা বহু প্ৰতিভাশালী নলবাৰীৰ এগৰাকী মৃৎশিল্পী । ৯২ বছৰীয়া এইগৰাকী শিল্পীয়ে তেওঁৰ শিল্প আৰু কণ্ঠৰ যাদুৰে মন্ত্ৰমুগ্ধ কৰিছিল সহস্ৰজনক । এই বৃদ্ধ বয়সতো শিল্পীগৰাকীৰ মুখত নামৰ পদ । নলবাৰী জিলাৰ ককয়া গাঁৱৰ ঢকুৱাবন্ধাৰ এইগৰাকী শিল্পী হৈছে উমেশ চন্দ্ৰ ভাগৱতী । তেওঁৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছিল দুৰ্গাৰ প্ৰতিমাকে ধৰি বিভিন্ন দেৱ-দেৱীৰ মূৰ্তি ৷

আনহাতে, কৈশোৰৰ পৰা শিল্প সাধনাকেই জীৱনৰ লক্ষ্য হিচাপে লোৱা ভাগৱতীয়ে নাগাৰা নামৰ যাত্ৰা পাৰ্টিৰ শিল্পীৰ পৰা আৰম্ভ কৰি নাগৰা নামৰ পাঠক হিচাপে নিজৰ পৰিচয় দাঙি ধৰে । মৃৎশিল্পৰ সমান্তৰালকৈ ভাগৱতীয়ে বিভিন্ন অনুষ্ঠানত পৰিবেশন কৰিছিল নাগাৰা নাম । ইয়াৰোপৰি তেওঁ নাটকতো অভিনয় কৰা বুলি ভাগৱতীয়ে সদৰি কৰে এই কথা ৷

৯২ বছৰীয়া এগৰাকী মৃৎশিল্পীৰ কৰ্মৰাজিৰ অৱলোকন

কিন্তু বৰ্তমানো চৰকাৰী পেঞ্চনৰ পৰা বঞ্চিত হৈ আছে উমেশ চন্দ্ৰ ভাগৱতী । তেওঁ যেন আজি ভাগি পৰিছে ৷ উল্লেখ্য যে, 5 বাৰকৈ আবেদন কৰিও পোৱা নাই শিল্পী পেঞ্চন । ৰাজ্যিক মন্ত্ৰী তথা ধৰ্মপুৰ সমষ্টিৰ বিধায়ক চন্দ্ৰ মোহন পাটোৱাৰীক বহুবাৰ অনুৰোধ জনোৱাৰ পিছতো তেওঁ বঞ্চিত হ’বলগীয়া হৈছে চৰকাৰী স্বীকৃতিৰ পৰা । ইফালে, ককয়াবাসী ৰাইজে ভাগৱতীৰ সৃষ্টি কৰ্মৰ বাবে তেওঁক সম্বৰ্ধনা জনাইছে ।

জীৱিত অৱস্থাতেই শিল্পী উমেশ চন্দ্ৰ ভাগৱতীলৈ সাহাৰ্য আগবঢ়াবলৈ চৰকাৰক বিনম্ৰভাৱে আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : সুনীতাৰ কণ্ঠই মন্ত্ৰমুগ্ধ হাজাৰ শ্ৰোতা

ABOUT THE AUTHOR

...view details