অসম

assam

ETV Bharat / state

নলবাৰীৰ খেলুৱৈক সহায়ৰ হাত অধিবক্তা দিলীপ চৌধুৰীৰ - জাজিয়াবাৰী

মহামাৰী কৰ'ণাৰ সময়ত নলবাৰী জিলাৰ জাজিয়াবাৰী গাঁৱৰ খেলুৱৈসকলক সহায়ৰ বাবে আগবাঢ়ি আহিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা দিলীপ চৌধুৰী ৷ অধিবক্তাগৰাকীয়ে খেলুৱৈসকলৰ মাজত বিতৰণ কৰে অত্যাৱশ্যকীয় সামগ্ৰী ৷

নলবাৰীৰ খেুলৱৈসকলক সহায় অধিবক্তা দিলীপ চৌধুৰীৰ
নলবাৰীৰ খেুলৱৈসকলক সহায় অধিবক্তা দিলীপ চৌধুৰীৰ

By

Published : Jun 7, 2021, 9:27 AM IST

নলবাৰী,7 জুন:ৰাজ্যত মহামাৰী কৰ'ণাৰ ভয়াৱহতাৰ বাবে বন্ধ হৈ পৰিছে খেলুৱৈসকলৰ অনুশীলন ৷ ৰাজ্য চৰকাৰে ঘোষণা কৰা মিনি লক ডাউন আৰু আন্ত:জিলা যাতায়াত বন্ধৰ বাবে দিন-হাজিৰা কৰি ঘৰ চলোৱা খেলুৱৈসকলৰো কাম-কাজ বন্ধ হৈ পৰিছে । যাৰ ফলত খেলুৱৈসকলৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷

নলবাৰীৰ খেলুৱৈক সহায়ৰ হাত অধিবক্তা দিলীপ চৌধুৰীৰ

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ নলবাৰী জিলাৰ খেলুৱৈসকলৰ জীৱনলৈও নামি আহিছে কাল অমানিশা ৷ খেলুৱৈসকলৰ এই দুৰ্দশাৰ সময়ত সহায় কৰিবলৈ জিলাখনৰ অগ্ৰণী ক্ৰীড়া সংগঠন পূৱ নলবাৰী কোচিং চেণ্টাৰৰ খেলুৱৈসকলে ৰাইজৰ পৰা বিচাৰিছিল সহায় ৷ সেইমৰ্মে দেওবাৰে এই খেলুৱৈসকলক সহায় কৰিবলৈ আগবাঢ়ি আহে বহুলোক ৷ জিলাখনৰ জাজিয়াবাৰী গাঁৱৰ পূৱ নলবাৰী কোচিং চেণ্টাৰৰ প্ৰায় ৪০ জন খেলুৱৈৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে নলবাৰী ক্ৰীড়া সন্থাৰ আজীৱন সভ্য, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা দিলীপ চৌধুৰীয়ে ।

অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান

খেলুৱৈসকলৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰীসমূহ বিতৰণ কৰে কোচিং চেণ্টাৰ কৰ্তৃপক্ষই ৷ লগতে খেলুৱৈসকলক মহামাৰীৰ সময়ত সহায় কৰাৰ বাবে দিলীপ চৌধুৰীক কোচিং চেণ্টাৰৰ লগতে ক্ৰীড়াপ্ৰেমী তথা স্থানীয় ৰাইজে ধন্যবাদ জ্ঞাপন কৰে ।

অন্য এক খবৰৰ বাবে:পথৰ দুৰৱস্থা: ঠেলি ঠেলি পাৰ কৰিবলগা হৈছে এম্বুলেঞ্চ

ABOUT THE AUTHOR

...view details