অসম

assam

ETV Bharat / state

Hindu Muslim Brotherhood: মুছলমান পৰিয়ালত ডাঙৰ হোৱা পল্লৱী ওৰফে হাফিজা এতিয়া শিক্ষয়ত্ৰী - ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচ

নলবাৰীৰ এগৰাকী হিন্দু কন্যা সন্তানক ডাঙৰ-দীঘল কৰিছে এটি মুছলমান পৰিয়ালে ৷ পল্লৱী নামেৰে পৰিচিত ছোৱালীজনী এতিয়া হ’ল হাফিজা বেগম ৷ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছতো নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে হাফিজা বেগমে ৷

Hindu Muslim Brotherhood
মুছলমান পৰিয়ালত ডাঙৰ হোৱা পল্লৱী ওৰফে হাফিজা এতিয়া শিক্ষয়ত্ৰী

By

Published : Jan 28, 2023, 10:16 PM IST

মুছলমান পৰিয়ালত ডাঙৰ হোৱা পল্লৱী ওৰফে হাফিজা এতিয়া শিক্ষয়ত্ৰী

নলবাৰী, 28 জানুৱাৰী:নলবাৰীৰ এটি মুছলমান পৰিয়ালৰ মহানুভৱতা দেখিলে আপ্লুত হ’ব আপুনিও ৷ কাৰণ, এই মুছলমান পৰিয়ালটিয়ে পৰিচয় দিলে এটি কনমাণিক ৷ হিন্দু পৰিয়ালৰ এগৰাকী কনমাণিক ডাঙৰ দীঘল কৰাৰ লগতে কৰিলে উচ্চ শিক্ষিত ৷

ছোৱালীজনীৰ নাম হাফিজা বেগম ৷ নলবাৰী চহৰৰ এটি মুছলমান পৰিয়ালৰ জীয়াৰি হাফিজা(Nalbari Hafiza Begum) ৷ কিন্তু হাফিজাৰ জীৱনৰ সৈতে জড়িত হৈ আছে এক ডাঙৰ অধ্যায় ৷ এতিয়া আহিছোঁ আচল কাহিনীলৈ ৷ এইগৰাকী হাফিজা বেগমক সৰুতে সকলোৱে চিনি পাইছিল পল্লৱী হিচাপে ৷ মানসিকভাৱে কিছু দুৰ্বল মাতৃৰ সৈতে য’তে ত’তে জীৱন পাৰ কৰিছিল পল্লৱীয়ে ৷ কোনোবাই যাঁচিলে যদি এসাঁজ খাবলৈ পায় , কেতিয়াবা আকৌ নোখোৱাকৈয়ে থাকিব লগা হয় ৷ ঠিকনাবিহীনভাৱে তেনেদৰেই 5বছৰীয়া হ’ল পল্লৱী ৷

কিন্তু পল্লৱী আৰু মাতৃৰ অৱস্থা দেখি পল্লৱীক 5 বছৰ বয়সতে লৈ আহিল নলবাৰী চহৰৰ এইটি মুছলমান পৰিয়ালে ৷ তাৰিফা বেগম আৰু মইনুল হকে নিজৰ আন তিনি সন্তানৰ সৈতে চোৱাচিতা কৰাৰ দায়িত্ব ল’লে পল্লৱীৰ ৷ নাম ৰখা হ’ল হাফিজা বেগম ৷ আৰু তেওঁলোকৰ আশ্ৰময়ত থাকিয়েই ডাঙৰ হ’ল পল্লৱী ওৰফে হাফিজা বেগম ৷ কেৱল ডাঙৰ হোৱাই নহয়, নলবাৰীৰ পৰাই উচ্চশিক্ষিতাও হ’ল পল্লৱী ওৰফে হাফিজা বেগম ৷ সৰুৰে পৰাই বুদ্ধিমতী পল্লৱীক নামভৰ্তি কৰি দিয়া হ’ল বিদ্যালয়ত ৷ নলবাৰীতেই স্নাতক ডিগ্ৰী লাভ কৰিলে পল্লৱীয়ে ৷ সম্প্ৰতি নলবাৰীৰে এখন বিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত পল্লৱী ওৰফে হাফিজা বেগম ৷

কেৱল সিমানেই নহয়, 2022 বৰ্ষত পল্লৱীয়ে নিজ হাতেৰে 5.5 মিলিমিটাৰ দৈঘ্যৰ জাপি নিৰ্মাণ কৰি নিজৰ নাম ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল ৷ হিন্দু আৰু মুছলমান দুয়োটা ধৰ্মই পালন কৰি অহা হাফিজাই হিন্দু ধৰ্মপুথি গীতাৰ সমান্তৰালভাৱে অধ্যয়ন কৰে কোৰাণো ৷ মছজিদৰ লগতে মন্দিৰৰ পূজা-পাতলতো অংশ লয় পল্লৱী ওৰফে হাফিজাই ৷ কিন্তু সকলোৰে প্ৰশ্ন উদয় হ’ব যে, কি হ’ল পল্লৱীৰ প্ৰকৃত মাতৃৰ ? পল্লৱীৰ প্ৰকৃত মাতৃ বৰ্তমান আছে নলবাৰীৰে এখন আশ্ৰমত৷

হিন্দু আৰু মুছলমানৰ মাজত একাংশই ধৰ্মীয় বিষপাষ্প বিয়পাই সংঘাত সৃষ্টিৰ চেষ্টা কৰি থকাৰ সময়তেই এইটি মুছলমান পৰিয়ালৰ মহানুভৱতাই এতিয়া সকলোৰে হৃদয় চুই গৈছে ৷ এয়া সকলোৰে বাবে হৈ ৰওক এক নিদৰ্শন ৷ দুদিনীয়া মানৱ জীৱনটোত ভাতৃত্ববোধ আৰু সমিলমিলেৰে জীয়াই থাকক সকলোৱে ৷

লগতে পঢ়ক:Major reshuffle in Assam administration : ৰাজ্য চৰকাৰৰ প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল

ABOUT THE AUTHOR

...view details