অসম

assam

By

Published : May 14, 2019, 5:14 PM IST

ETV Bharat / state

নলবাৰী জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত নম্বৰ প্লেটৰ নামত কৰ ফাঁকিৰ অভিযোগ

পৰিবহণ বিষয়াৰ সন্মুখতে এটি দুষ্ট চক্ৰই কৰ ফাঁকিৰে আদায় কৰিছে মাহেকত লাখ লাখ টকাৰ ধন । জিলাখনৰ পৰিবহণ বিষয়াৰ বিৰুদ্ধে বিষয়টোৰ প্ৰতি গুৰুত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ ।

নম্বৰ প্লেটৰ ফেমৰ নামত কৰ ফাঁকিৰ অভিযোগ

নলবাৰী,১৪ মে' : নলবাৰী জিলা পৰিবহণ বিষয়াৰ কাৰ্য্যালয়ত সংঘটিত হৈছে কৰ ফাঁকিৰ ঘটনা । নিতৌ পৰিবহন বিষয়াৰ সন্মুখতে এটি দুষ্ট চক্ৰই কৰ ফাঁকিৰে আদায় কৰিছে মাহেকত লাখ লাখ ধন কিন্তু এই ক্ষেত্ৰত পৰিবহণ বিষয়া দিলীপ দাসে গ্ৰহণ কৰিছে নীৰৱ ভূমিকা ৷

নম্বৰ প্লেটৰ ফেমৰ নামত কৰ ফাঁকিৰ অভিযোগ

উল্লেখ্য যে নলবাৰী জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ঠিকা ভিত্তিত নম্বৰ প্লেট নিৰ্মাণৰ কাম লাভ কৰা এটি চক্ৰই নম্বৰ প্লেটৰ ফ্ৰেমৰ নামত দুচকীয়া বাহনৰ পৰা ২০০ আৰু চাৰিচকীয়া বাহনৰ পৰা ৫০০ টকা আদায় লয় কিন্তু এই ফ্ৰেম সমূহ ক্ৰয় কৰাৰ নামত গ্ৰাহকক কোনো ধৰণৰ লেনদেনৰ ৰচিদ নিদিয়ে ৷ যাৰ ফলত চৰকাৰে বছৰি হেৰুৱাইছে কেইবা লাখ টকাৰ ৰাজহ । এই ক্ষেত্ৰত জিলা পৰিবহণ বিষয়া দিলীপ দাসক সাংবাদিক সোধ-পোছ কৰিলেও মন্তব্য দিয়াৰ পৰা বিৰত থাকে তেঁও । লক্ষণীয়ভাৱে বিগত বৰ্ষত এই গৰাকী জিলা পৰিবহণ বিষয়াই কৰ্তব্যত গাফিলতি কৰাৰ বাবে জিলা উপায়ুক্তৰ হাতত বৰ্খাস্ত হ'ব লগীয়া হৈছিল যদিও বৰ্তমান পুনৰ কৰ ফাঁকিৰ এনে ঘটনাক লৈ জিলা খনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ABOUT THE AUTHOR

...view details