নলবাৰী, 14 আগষ্ট : আজি নলবাৰী জিলা দিৱস ৷ 1985 চনৰ 14 আগষ্ট অৰ্থাৎ আজিৰ এই দিনটোতেই কামৰূপ জিলাৰ নলবাৰী মহকুমাক জিলালৈ উন্নীতকৰণৰ ঘোষণা কৰা হৈছিল ৷ অবিভক্ত কামৰূপ জিলাৰ নলবাৰী মহকুমাই নলবাৰী জিলাৰ ৰূপ পোৱা এই দিনটোতে ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে উদযাপন কৰা হয় জিলা দিৱস ৷
এদিনীয়া বৰ্ণাঢ্য তথা দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় নলবাৰী জিলা দিৱস ৷ ৰাজ্য চৰকাৰৰ নিৰ্দেশত নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত সোমবাৰে নলবাৰী নাট্যমন্দিৰত উদযাপন কৰা হয় দিৱসটি ৷ এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, স্থানীয় মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, জিলা উপায়ুক্ত বৰ্ণালী ডেকা, আৰক্ষী অধীক্ষক সুধাকৰ সিঙকে ধৰি জিলা প্ৰশাসনৰ বিষয়ববীয়া তথা জিলাখনৰ শৈক্ষিক, সামাজিক বিভিন্ন ক্ষেত্ৰৰ বহু বিশিষ্ট ব্যক্তি ৷
লগতে পঢ়ক :Manoranjan Talukdar vocal against Ranjit kumar Das:বিজেপিৰ নেতাক কূপমণ্ডুক আখ্যা মনোৰঞ্জন তালুকদাৰৰ