অসম

assam

ETV Bharat / state

তাঁতশালত সপোনৰ বুটা বাচিছে নলবাৰীৰ নয়নে - muga silk product in assam

স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন নলবাৰীৰ যুৱকৰ ৷ তাঁতশালতে সপোন দেখিছে নলবাৰীৰ নয়নে ৷ শেহতীয়াকৈ যুৱকজনে দুখনকৈ তাঁতশালত নিজা প্ৰচেষ্টাৰে প্ৰস্তুত কৰিছে বহু কেইযোৰ পাত-মুগাৰ কাপোৰ ।

স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন নলবাৰীৰ যুৱকৰ

By

Published : Oct 31, 2019, 1:22 PM IST

নলবাৰী, 31অক্টোবৰঃ বস্ত্ৰ নগৰী শুৱালকুছিৰ শিপিনীক চেৰ পেলাই পাট মূগাৰ কাপোৰ উৎপাদনেৰে নলবাৰীৰ এজন উদীয়মান যুৱকে তাঁতশালৰ যোগেদি স্বাৱলম্বী হৈছে ৷ যি সময়ত ৰাজ্যত নিবনুৱা যুৱক-যুৱতী সকলে সংস্থাপন বিচাৰি বহিঃ ৰাজ্যলৈ ঢাপলি মেলিছে তেনে সময়তে নলবাৰীৰ বড়িগোগ-বনভাগ মৌজাৰ আমৰা গাঁৱৰ নয়নমনি দাসে তাঁতশালতে দেখিছে স্বাৱলম্বিতাৰ সপোন । নয়নে ১২ বছৰ বয়সতে বস্ত্ৰ নগৰী শুৱালকুছিত তাঁতশালত কাপোৰ বোৱাৰ প্ৰশিক্ষণ লয় যদিও আৰ্থিক দৈন্যতাৰ বাবে নিজাববীয়াকৈ শালৰ কাম কৰিব পৰা নাছিল। শেহতীয়াকৈ যুৱকজনে দুখনকৈ তাঁতশালত নিজা প্ৰচেষ্টাৰে বহু কেইযোৰ পাত-মুগাৰ কাপোৰ প্ৰস্তুত কৰিছে। অৱশ্যে নয়নে বৰ্তমানলৈকে কোনো চৰকাৰী ঋণ অথবা সা-সুবিধা লাভ কৰিলৈ সক্ষম হোৱা নাই ।

স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন নলবাৰীৰ যুৱকৰ

ABOUT THE AUTHOR

...view details